মাহ মে’ 2025

Assam Panchayat Election 2025: এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু ৫ টা শিকনি!

Assam Panchayat Election 2025: বহু জল্পনা-কল্পনা আৰু এটা দীঘলীয়া বিৰতিৰ অন্তত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল৷ ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ভোটগ্ৰহণৰ পাছত ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল৷ বিগত সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ ৰাইজে প্ৰত্যক্ষ কৰিলে৷…

Sivasagar Congress leader resigns: নেতৃত্বৰ প্ৰতি ক্ষোভ! শিৱসাগৰত পঞ্চায়তৰ ভোটগ্ৰহণৰ পাছতেই কংগ্ৰেছ প্ৰাৰ্থীয়ে এৰিলে দলীয় বাব

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তৰ এদিন পাছতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিলে হেমকান্ত গগৈয়ে (Sivasagar Congress leader resigns)। দলৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু কেইবাটাও অভিযোগ উত্থাপন কৰি তেওঁ জিলা সভাপতিলৈ পত্ৰ লিখি পদত্যাগ কৰে। শুকুৰবাৰে…

ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ কাহিনী

ISC Topper Srijani: দেশে স্বাধীনতা লাভৰ ৭৮ বছৰ হ’ল। কিন্তু স্বাধীনতাৰ ৭৮ বছৰ পিছতো লাগি থাকিল এটা ৰোগ। নাম বৈষম্যতা। ভাৰতত বহু প্ৰকাৰৰ বৈষম্য আছে। ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক বৈষম্য ইত্যাদি ইত্যাদি। আজিও বৈষম্যতাৰ কৱলত পৰি হীনমান্যতাত ভুগি আছে লাখ লাখ…

নিৰ্বাচনৰ পূৰ্বে অন্তৰ্কন্দলত জৰ্জৰিত বিজেপি

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অভূতপূৰ্ব সংকটৰ মুখামুখি হৈছে বিজেপি দল৷ দলৰ মাজতে গা কৰি উঠিছে প্ৰবল অন্তৰ্কন্দলে৷ যাৰ বাবে ইজনৰ পাছত সিজন নেতা কৰ্মীক বহিষ্কাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে গেৰুৱা দলটোৰ ভিতৰত৷ পহিলা ব’হাগতেই প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল বিজেপিৰ ভিতৰচ’ৰাত উদ্ভৱ…

বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

চৰকাৰে মানি লোৱা বিশেষজ্ঞৰ প্ৰতিবেদনকো নস্যাৎ কৰি তথা সৰ্বসন্মত চৰ্ত জলাঞ্জলি দি NHPC-য়ে গেৰুকামুখৰ জলবিদ্যুত প্ৰকল্পৰ উৎপাদন কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। প্ৰাপ্ত খবৰ অনুসৰি, মে’ৰ মাহৰ শেষৰ পৰা উৎপাদনৰ বাবে সাজু নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্প। বহু বিৰোধিতা, প্ৰতিবাদ, আন্দোলনৰ পাছতো…

Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি

Nuclear power in Pakistan: পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমানৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক গঢ় দিছিল পাৰমানৱিক শক্তি। কেনেকৈ পাৰমানৱিক শক্তি হৈছিল পাকিস্তান ইয়াৰ আঁৰত আছে এক আশ্বৰ্যকৰ কাহিনী। পহলগামৰ নৰসংহাৰৰ পাছতেই কঠোৰ হৈছে…

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ…