Sivasagar Congress leader resigns: নেতৃত্বৰ প্ৰতি ক্ষোভ! শিৱসাগৰত পঞ্চায়তৰ ভোটগ্ৰহণৰ পাছতেই কংগ্ৰেছ প্ৰাৰ্থীয়ে এৰিলে দলীয় বাব

Share This Article

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তৰ এদিন পাছতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিলে হেমকান্ত গগৈয়ে (Sivasagar Congress leader resigns)। দলৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু কেইবাটাও অভিযোগ উত্থাপন কৰি তেওঁ জিলা সভাপতিলৈ পত্ৰ লিখি পদত্যাগ কৰে। শুকুৰবাৰে অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হেমকান্ত গগৈও এগৰাকী প্ৰাৰ্থী আছিল। শিৱসাগৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৪১ নং নামতি আলি পঞ্চায়তৰ পৰা ২ নং গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে হেমকান্ত গগৈয়ে। কিন্তু প্ৰতিদ্বন্দ্বিতা কৰিলেও পঞ্চায়ত নিৰ্বাচনটোত দলে গুৰুত্ব নিদিয়াৰ লগতে প্ৰাৰ্থীৰ বেনাৰ-পোষ্টাৰকে ধৰি যাৱতীয় খৰচো নিদিয়াৰ অভিযোগ হেমকান্ত গগৈৰ।

১৯৯১ চনৰ পৰা কংগ্ৰেছ কৰি অহা পুৰণি নেতা গৰাকীয়ে দলে পঞ্চায়ত নিৰ্বাচনত গুৰুত্ব নিদিয়াৰ বাবে প্ৰাৰ্থী হৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰে। দলে পঞ্চায়ত নিৰ্বাচনত কিয় গুৰুত্ব নিদিলে সেই কথা নাজানে বুলি উল্লেখ কৰি অতি আক্ষেপেৰ তেওঁ ক’লে—বহুত কষ্ট পাইছে। পৰৱৰ্তী সময়ত যাতে আৰু কষ্ট পাবলগীয়া নহয়, সেয়ে সাধাৰণ সম্পাদক পদ ত্যাগ কৰিছে।

লগতে পঢ়ক: ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ কাহিনী

পঞ্চায়ত নিৰ্বাচনটোক দলে কিয় গুৰুত্ব নিদিলে সেই লৈ পুনৰ মন্তব্য হেমকান্ত গগৈৰ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ আছিল। পঞ্চায়ত নিৰ্বাচনৰ পৰাই দল এটাই বিধানসভা নিৰ্বাচনলৈ প্ৰাৰম্ভিক প্ৰস্তুতি চলাব পাৰে। কিন্তু কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনটোকে গুৰুত্বহীন কৰি থলে। সেয়ে হেমকান্ত গগৈয়ে কৈছে—পঞ্চায়ত নিৰ্বাচনটো সুচাৰুৰূপে দলে চলাব নোৱাৰিলে বিধানসভা নিৰ্বাচনত আগবাঢ়ি যোৱাত অসুবিধা হ’ব।

হেমকান্ত গগৈয়ে সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰাটো শিৱসাগৰ জিলা কংগ্ৰেছৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। কিন্তু তেওঁৰ মন্তব্যই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ যেন আচল ছবিখনো উদঙাই দেখুৱাইছে। এইবোৰ কথাক এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্বই গুৰুত্বসহকাৰে লয় নে নলয় সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.