মাহ মাৰ্চ 2023

অমৃতে’ টোপনি হৰিছে গৃহ দপ্তৰৰ

পঞ্জাৱত ইণ্টাৰনেট কৰ্তনৰ সময় পুনৰ বৃদ্ধি কৰা হয়।অহা মঙলবাৰলৈ ৰাজ্যখনত সকলো ইণ্টাৰনেট সেৱা বন্ধ থাকিব।ইতিমধ্যে খালিস্তানী নেতা অমৃতপাল সিঙৰ ৪ গৰাকী ঘনিষ্ঠ সহযোগীক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই ব্যক্তি কেইজনক ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে।তদুপৰি সোমবাৰে অমৃতপাল সিঙৰ খুড়াক…

মুখ খুলিব ৰাহুল গান্ধীয়ে

উল্লেখযোগ্য দিল্লী আৰক্ষীয়ে দেওবাৰে ৰাহুল গান্ধীৰ বাসভৱনত তালাচী চলায় ।’ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে মহিলাক লৈ মন্তব্যৰ বাবে এই তালাচী অভিযান চলাইছিল।’এতিয়াও মহিলাসকল যৌন আতিশয্যৰ বলি হৈয়ে আছে ‘-এনেদৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন…

বিজেপিত কন্দল

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত অন্তকন্দলত ভুগিছে কৰ্ণাটক বিজেপি। নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰ ভাগত আৰম্ভ হৈছে সংঘাত।এছ য়েডিয়ুৰপ্পাৰ হাতত ধৰি বিজেপিয়ে কৰ্ণাটকত নিৰ্বাচন জয়ী হোৱাৰ কথা ভাবিছে, যিজন য়েডিয়ুৰপ্পাক কেইদিনমান পূৰ্বে স্বয়ং প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰশংসা কৰি সন্মানিত…

কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? ক’লে DGPএ

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল সম্বোধন DGP জি পি সিঙৰ ।”মোটা অংকৰ বিনিময়ত পেপাৰ লিক কৰিছিল প্ৰণৱ দত্তই।প্ৰণৱ দত্তই প্ৰশ্নকাকত উলিয়াই বিক্ৰী কৰিছিল কুমুদ ৰাজখোৱাক।চেইন চিষ্টেমত তালিকা বনাই তদন্ত কৰিছিল অসম আৰক্ষীয়ে।তদন্তৰ পাছতেই পোহৰলৈ আহে কুমুদ ৰাজখোৱাৰ নাম ।উজনি…

আহিয়েই আছে গাহৰি

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি গাহৰি চিণ্ডিকেট চক্ৰৰ।এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ।ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বহিঃৰাজ্যৰ পৰা গাহৰি চিণ্ডিকেট চক্ৰই গাহৰি ভৰ্তি ট্ৰাক আহি পোৱালেহি আমগুৰি।পুৱতি নিশা আমগুৰি থানাৰ সন্মুখত বহিঃৰাজ্যৰ পৰা অহা গাহৰি ভৰ্তি ট্ৰাক আবদ্ধ কৰে…

ভঙা দলঙৰ নিৰ্মাণ বন্ধ

নিৰ্মীয়মাণ ২০ কোটিটকীয়া দলং ভাঙি পৰাত কামপুৰত বিভিন্ন দল সংগঠনে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।নিৰ্মীয়মাণ অৱস্থাত কপিলী দলং ভাঙি যোৱাত ৰাইজৰ এই প্ৰতিবাদ। দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ৰাইজে।বৰ্তমানেও দলং নিৰ্মানস্থলীৰ কোনো বিভাগীয়া বিষয়া উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ উজাৰে…

মমতা-অখিলেশৰ Action মানেই বিজেপিৰ বাঢ়িল Tension

সমাজবাদী পাৰ্টিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কলকাতাত অনুষ্ঠিত হোৱাৰ কথা ।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যনিৰ্বাহক ১৮ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব।ইতিমধ্যে দলটোৰ সভাপতি অখিলেশ যাদৱ কলকতাত উপস্থিত হৈছে।শুকুৰবাৰে সন্ধিয়াৰ ভাগত অখিলেশ যাদৱে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ কথা।কলকাতাত উপস্থিত…

বিজেপিক প্ৰশংসা শশী থাৰুৰৰ কিন্তু কিয়?

ৰাজনীতিৰ ক্ষেত্ৰখনত বিজেপি সঁচাকৈয়ে পাৰ্গত।ৰাজনীতি কি আৰু কেনেকৈ কৰিব লাগে জানে বিজেপিয়ে।এই মন্তব্য কংগ্ৰেছৰ এগৰাকী সাংসদ শশী থাৰুৰৰ।’ইণ্ডিয়া টুডে’ৰ এক অনুষ্ঠানত অংশ লৈ থাৰুৰে কয় ‘ তেওঁ কোনো কাৰণতেই ক্ষমা খোজাৰ প্ৰয়োজন নাই।তেওঁ একো ভুল কোৱা নাই।কিন্তু বিজেপিয়ে একেটা ইছ্যুতে…

মণিপুৰত নিৰ্বাচন

মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ মণিপুৰ সাজু হৈছে আন এক নিৰ্বাচনলৈ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন কেবিনেটে শুকুৰবাৰে আৰবান লোকেল বডী অৰ্থাৎ স্থানীয় নগৰ পালিকাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।এই নিৰ্বাচন অহা ৫ জুনত অনুষ্ঠিত হোৱাৰ কথা।আনহাতে,কেবিনেটে…

পুনৰ কৰ’না

দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ।দেশৰ মুঠ ৬ খন ৰাজ্যলৈ কেন্দ্ৰই সতৰ্কতা সন্দৰ্ভত প্ৰেৰণ কৰিলে পত্ৰ।মহাৰাষ্ট্ৰ,গুজৰাট,তেলেংগানা,তামিলনাডু,কেৰালা,কৰ্ণাটকলৈ সতৰ্কীকৰণ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰই।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য কেইখনৰ জিলা,উপজিলা তথা পঞ্চায়ত স্তৰত ক’ভিড টেষ্ট বৃদ্ধি কৰাৰো নিৰ্দেশ দিছে।পত্ৰখনত লিখা হৈছে ‘ কিছুমান ৰাজ্যত কৰ’নাৰ…