মাহ মাৰ্চ 2023

ধৰ্মগ্ৰন্থই সংগী মণীষ ছিছ’ডিয়াৰ

দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।অহা ৫ এপ্ৰিললৈ ন্যায়িক জিম্মাতে থাকিব ছিছ’ডিয়া।বুধবাৰে ৰাউচ এভেনিউ কৰ্টে এই ৰায় প্ৰদান কৰে।উল্লেখ্য যে দিল্লীৰ নতুন আবকাৰী নীতিৰ কেলেংকাৰী সন্দৰ্ভত বিগত মাহত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়া।বুধবাৰৰ শুনানিত মণীষ…

সঘনাই কঁপিছে পৃথিৱী,ত্ৰস্তমান বিশ্ব

আফগানিস্তানৰ উত্তৰ পূব সীমান্তত মঙলবাৰে অনুভূত হয় এক ভয়ংকৰ কম্পন।প্ৰায় ৬.৫ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অঞ্চল জোঁকাৰি যায়।এই কম্পন পাকিস্তানৰ বিভিন্ন প্ৰান্ততো অনুভূত হয়।এটা অট্টালিকাৰ পঞ্চম মহলাত বসবাস কৰা এগৰাকী মহিলাই কয় ‘ সঁচাকৈয়ে এইটো আছিল মোৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা।মই…

আকৌ হাত দাঙিলে লাট মণ্ডলে

বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।অভিযানত লগন বাচোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ।লগন বাচোৱাৰ বিশ্বনাথৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ দায়িত্বত আছিল।বাঘমৰা মণ্ডলৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোকৰ মাটি নামজাৰি কৰি দিয়াৰ বাবদ লাট মণ্ডল লগন…

চাকৰি এৰিছে হাজাৰ হাজাৰ সৈনিকে

৫ বছৰত ৫০ হাজাৰতকৈ অধিক লোকে সৈনিকৰ চাকৰি ত্যাগ কৰিছে দেশত।দেশৰ অৰ্ধসামৰিক বাহিনীৰ ৫০ হাজাৰতকৈ অধিক সৈনিকৰ চাকৰি ত্যাগ।বিগত ৫ বছৰত ৫০,১৫৫ গৰাকী সৈনিকে এৰিলে চাকৰি ।ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দাখিল কৰিলে তথ্য।ৰাজ্যসভাত উত্থাপিত হোৱা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ…

বিজেপিত এইবাৰ প’ষ্টাৰ ভূত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং হৈছে দেশৰ ৰাজধানী মহানগৰ দিল্লীত।প’ষ্টাৰৰ বিষয় ‘মোডী হটাও দেশ বচাও’!এই শ্লোগানেৰে প্ৰায় ২০০০ প’ষ্টাৰ লগোৱা হৈছে নতুন দিল্লীত।দিল্লী আৰক্ষীয়ে ইতিমধ্যে ৰাজধানী মহানগীৰৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০০০ প’ষ্টাৰ আঁতৰ কৰিছে আৰু আন প্ৰায় ২০০০ প’ষ্টাৰ…

মকৰ’ কাৰ -দুই মুখ্যমন্ত্ৰীৰ যুঁজ

এখন গাওঁ।গাওঁখনক লৈ টনাআঁজোৰা দুখন ৰাজ্যৰ।দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে গাওঁখন নিজৰ বুলি। মেঘালয় আৰু অসম সীমান্তত অৱস্থিত গাওঁখন হ’ল মুকৰ’।মুকৰ’ গাওঁখন কাৰ তাক লৈ দুয়োখন ৰাজ্যৰ যুঁজ।ইতিমধ্যে বিগত বৰ্ষৰ ২২ নবেম্বৰত কৰ্তৃত্ব খটোৱাৰ বাবেই প্ৰাণ হেৰুৱাইছে ৬ জন লোকে।মেঘালয়ৰ…

পুনৰ এলোপেথিক টাৰ্গেট ৰামদেৱৰ

এলোপেথি চিকিৎসাক সমালোচনা কৰি বাৰে বাৰে বিতৰ্কলৈ আহে যোগগুৰু ৰামদেৱ।ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদ কনক্লেভ ২০২৩ ৰ এক অনুষ্ঠানত অংশ লৈ যোগগুৰু গৰাকীয়ে এলোপেথি চিকিৎসাই কোনো কাৰণতে কেন্সাৰ,ডায়বেটিক,প্ৰেছাৰ আদি ৰোগ ভাল কৰিব নোৱাৰে বুলি উল্লেখ কৰে।ৰামদেৱে লগতে কয় যে গৰুৰ প্ৰস্ৰাৱ আৰু আয়ুৰ্বেদিক…

ষড়যন্ত্ৰৰ বলি পঞ্জাৱী?

খালিস্তানী নেতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ তিনি দিনৰ পিছত শিৰোমণি আকালি দলে শাসক দল আপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে আম আদমি পাৰ্টিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ‘ এই চৰকাৰে ৰাজ্যত অঘোষিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ…

মহাসংকটত মহাজোঁট !

লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে,সিমানেই যেন শত্ৰুতা বাঢ়িছে বিৰোধী দলবোৰৰ মাজত ।তৃণমূল কংগ্ৰেছক বিজেপি বি টীম আখ্যা দিয়াৰ পিছত এইবাৰ বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে সমাজবাদী দলক বিজেপিৰ বি টীম আখ্যা দিছে।বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ…

দেশ বিৰোধীক কঠোৰ শিক্ষা আপৰ

আপৰ নেত্ৰী আতিছীয়ে ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ প্ৰধান নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে চলোৱা আৰক্ষী অভিযানক প্ৰশংসা কৰিছে ।শান্তি বিঘ্নিত কৰা শক্তিৰ বিৰুদ্ধে ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি আতিছীয়ে কয় ‘ বিগত দুটা দিন ভগৱন্ত মান চৰকাৰে ৰাজ্যখনত…