মকৰ’ কাৰ -দুই মুখ্যমন্ত্ৰীৰ যুঁজ

এখন গাওঁ।গাওঁখনক লৈ টনাআঁজোৰা দুখন ৰাজ্যৰ।দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰে গাওঁখন নিজৰ বুলি।
মেঘালয় আৰু অসম সীমান্তত অৱস্থিত গাওঁখন হ’ল মুকৰ’।মুকৰ’ গাওঁখন কাৰ তাক লৈ দুয়োখন ৰাজ্যৰ যুঁজ।ইতিমধ্যে বিগত বৰ্ষৰ ২২ নবেম্বৰত কৰ্তৃত্ব খটোৱাৰ বাবেই প্ৰাণ হেৰুৱাইছে ৬ জন লোকে।মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দাবী কৰে যে মুকৰ’ গাওঁখন মেঘালয়ৰ অধীন আৰু গাওঁখনৰ বাসিন্দাসকলে তেওঁলোকৰ চৰকাৰৰ পৰা চৰকাৰী সা-সুবিধা লাভ কৰি আহিছে।বিগত সপ্তাহত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই গাওঁখন অসমৰ বুলি দাবী কৰাৰ পিছতেই মঙলবাৰে গাওঁখন মেঘালয়ৰ অধীন বুলি দাবী কৰে কনৰাড চাংমাই।কেবিনেটত মঙলবাৰে চাংমাই কয় ‘ মই এটা কথা স্পষ্ট কৰি দিওঁ যে মুকৰ’ মেঘালয়ৰ এটা অংশ৷মুকৰ’ যে মেঘালয়ৰ অংশ সেয়া মই তথ্যসহ প্ৰমাণ দিম।”লোকপিয়ল অনুসৰি মুকৰ’ পশ্চিম জয়ন্তীয়া হিলচৰ অধীনস্থ গাওঁ।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ সময়তো এই গাওঁখনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।গাওঁখনত দুটা ভোটকেন্দ্ৰ আছিল আৰু গাওঁখন মকাইআউ সমষ্টিৰ অন্তৰ্গত আছিল।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296