মাহ মাৰ্চ 2023

হা ভাত,হা কাপোৰ …আৰ্তনাদ জনতাৰ

ভয়ংকৰ মুদ্ৰাস্ফীতিয়ে কোঙা কৰিছে এখন দেশ।ময়দা আৰু কণীৰ বাহিৰে একোৱে ভাবিব নোৱাৰা হৈছে দেশখনৰ জনতাই।শ্ৰীলংকাৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত ।ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত সৃষ্টি হৈছে এই ভয়ংকৰ পৰিৱেশ।দিনে দিনে গভীৰৰ পৰা গভীৰতৰ হৈছে দেশখনৰ পৰিৱেশ।দেশখনৰ চৰকাৰী সংস্থাই প্ৰকাশ কৰিছে…

ক’লা ছাৰ্টৰ ত্ৰাসত বিজেপি

তৃৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছিল যদিও ৰাহুল গান্ধীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবে নিজৰ স্থিতি শেহতীয়াকৈ সলনি কৰিছে ।ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পাছত কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয়ত সোমবাৰে এক…

গুৰুদ্বাৰত গুলীয়াগুলী

আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।কেলিফৰ্ণিয়াৰ চেকৰেমেণ্ট শিখ চ’ছাইটিৰ গুৰুদ্বাৰত দেওবাৰে বিয়লি ভাগত সংঘটিত এই ঘটনা।গুৰুদ্বাৰৰ ফালৰ পৰা জনোৱা হৈছে ‘দুজন ব্যক্তি গুলীয়াগুলীত গুৰুতৰভাৱে আহত হৈছে।দুয়োজন ব্যক্তিৰে অৱস্থা সংকটজনক।এই গুলীয়াগুলীত কোনো ঘৃণাৰ বিষয় জড়িত নাই৷দুয়োজন পৰিচিত ব্যক্তিৰ মাজত সংঘটিত হৈছে…

গোৰ মাৰি গংগাত পেলালে নেকি কংগ্ৰেছক?

ৰাহুল গান্ধীৰ শাস্তিয়ে একত্ৰিত কৰিলে নেকি বিৰোধীক?এই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী ভাৰতীয়ৰে ! শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছত কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা তৃৃণমূল কংগ্ৰেছেও চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰে।’সাংবিধানিক গণতন্ত্ৰ বিপন্ন…

‘মই ছাভাৰকৰ নহয় যে মই ক্ষমা খুজিম’

সাংসদ পদ খাৰিজ হোৱাৰ পাছত শনিবাৰে দুপৰীয়া প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে।’মোৰ সাংসদ পদ খাৰিজ কৰিছে কাৰণ প্ৰধানমন্ত্ৰীয়ে মোৰ ইয়াৰ পিছৰ বক্তব্যলৈ ভয় কৰে।মই তেওঁৰ চকুত ভয় দেখিছোঁ।সেয়ে তেওঁলোকে মোক সংসদত কথা কোৱাটো বিচৰা নাই ‘বিজেপিয়ে তেওঁক ক্ষমা খুজিবলৈ…

অমৃতপাল ক’ত : ধোঁৱাকোঁৱা দেখিছে আৰক্ষীয়ে

খালিস্তানী নেতা অমৃতপাল সিঙক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।বিগত এটা সপ্তাহতকৈয়ো অধিক সময় তালাচী অভিযান চলায়ো খালিস্তানী নেতা জনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই পঞ্জাৱ আৰক্ষীয়ে।ইণ্টাৰনেট সেৱা বন্ধ কৰি তালাচী চলায়ো কোনো সুফল লাভ কৰা নাই আৰক্ষীয়ে৷শনিবাৰে দিল্লী আৰু পঞ্জাৱ…

‘দুৰ্ভগীয়া’ ৰাহুল গান্ধী মুখামুখি হ’ব সাংবাদিকৰ

শনিবাৰে দুপৰীয়া সংবাদমেল সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা গৰাকীৰ সাংসদ পদ খাৰিজৰ পাছত এইখনেই হ’ব প্ৰথমখন সংবাদমেল৷উল্লেখ্য যে বিগত বৃহস্পতিবাৰৰ চুৰাট আদালতৰ এক ৰায়ৰ বাবে শুকুৰবাৰে লোকসভা সচিবালয়ে সাংসদ পদ খাৰিজ কৰে ৰাহুল গান্ধীৰ।২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক…

নিন্দিত নহয়,বন্দিতহে হ’ল নেকি ৰাহুল গান্ধী?

বিজেপিয়ে কংগ্ৰেছ দলক নিশকতীয়া কৰাৰ বাবে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সাংসদ পদ খাৰিজৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও কিন্তু সমগ্ৰ বিশ্বই প্ৰচাৰ কৰিলে ৰাহুল গান্ধীৰ খবৰ ।এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ৷কংগ্ৰেছ নেতা শশী থাৰুৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সম্পৰ্কীয়…

সঁচাকৈয়ে শেষ নে ৰাহুলৰ কেৰিয়াৰ?

লোকসভাৰ সাংসদ হৈ থকাৰ যোগ্যতা হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।আগন্তুক ৮ বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিব ৰাহুল গান্ধীয়ে।বৃহস্পতিবাৰে চুৰাট আদালতৰ পৰা একেটা গোচৰতে জামিন পাইছিল ৰাহুল গান্ধীয়ে।ইতিমধ্যে এই সিন্ধান্ত পুনৰ বিবেচনাৰ আৱেদন ৩০ দিনৰ ভিতৰত জনাব পাৰিব বুলি চুৰাটৰ আদালতে জনাইছিল।কিন্তু…

কেন্দ্ৰৰ হাতৰ পুতলা ED,CBI

বিজেপিৰ হাতৰ পুতলা সদৃশ হৈ পৰিছে চি বি আই,ইডি। শুকুৰবাৰৰ দিনটোত চৈধ্যতাকৈ ৰাজনৈতিক দল কাষ চাপিল সৰ্বোচ্চ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিলে চৈধ্যটাকৈ ৰাজনৈতিক দলে। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বিচাৰে কেন্দ্ৰীয় সংস্থাসমূহক দলীয় উদ্দেশ্য সিদ্ধিৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ…