‘দুৰ্ভগীয়া’ ৰাহুল গান্ধী মুখামুখি হ’ব সাংবাদিকৰ

শনিবাৰে দুপৰীয়া সংবাদমেল সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।কংগ্ৰেছ নেতা গৰাকীৰ সাংসদ পদ খাৰিজৰ পাছত এইখনেই হ’ব প্ৰথমখন সংবাদমেল৷উল্লেখ্য যে বিগত বৃহস্পতিবাৰৰ চুৰাট আদালতৰ এক ৰায়ৰ বাবে শুকুৰবাৰে লোকসভা সচিবালয়ে সাংসদ পদ খাৰিজ কৰে ৰাহুল গান্ধীৰ।২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক নিৰ্বাচনী ভাষণত ‘ সকলো চোৰৰ উপাধি কিয় মোডী হয়’ বুলি উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে।ইয়াৰ পাছতেই গুজৰাটৰ মোডী উপাধিৰ এগৰাকী বিধায়কে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছিল।ইয়াৰ ঠিক পাঁচটা বছৰ পিছত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু ২ বছৰৰ কাৰাদণ্ড বিহে।আশ্চৰ্যজনকভাবে তাৰ ২৪ ঘণ্টা নৌহওঁতেই লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ নিৰ্দেশ দিয়ে৷আনকি লোকসভাৰ ৱেবছাইটৰ পৰাও ৰাহুলৰ নাম আঁতৰাই দিয়া হয়।সাংসদ পদ খাৰিজৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ ‘যিকোনো মূল্য ভৰিবলৈ সাজু আছোঁ৷মই ভাৰতৰ হৈ মাত মাতিছোঁ।তাৰ বাবে মই যিকোনো মূল্য ভৰিবলৈ সাজু আছোঁ।’টুইটাৰত এনেদৰে হিন্দীত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে।মহাত্মা গান্ধীৰ এক উদ্ধৃতিৰে ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে’ মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত৷সত্য মোৰ বাবে ভগৱান।অহিংসাৰেহে আমি সত্যক প্ৰতিষ্ঠা কৰিব পাৰিম।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296