গুৰুদ্বাৰত গুলীয়াগুলী

Share This Article

আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।কেলিফৰ্ণিয়াৰ চেকৰেমেণ্ট শিখ চ’ছাইটিৰ গুৰুদ্বাৰত দেওবাৰে বিয়লি ভাগত সংঘটিত এই ঘটনা।গুৰুদ্বাৰৰ ফালৰ পৰা জনোৱা হৈছে ‘দুজন ব্যক্তি গুলীয়াগুলীত গুৰুতৰভাৱে আহত হৈছে।দুয়োজন ব্যক্তিৰে অৱস্থা সংকটজনক।এই গুলীয়াগুলীত কোনো ঘৃণাৰ বিষয় জড়িত নাই৷দুয়োজন পৰিচিত ব্যক্তিৰ মাজত সংঘটিত হৈছে এই ঘটনা।’আৰক্ষীয়ে ব্যক্তিগত মতানৈক্যৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জনাইছে। অৱশ্যে ভাৰতত খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে চলোৱা আৰক্ষী অভিযানৰ বিৰোধিতা কৰি আমেৰিকা-ইংলেণ্ডত চলি থকা প্ৰতিবাদৰ বাবেও দুয়োগৰাকীৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনীয়তা নুই কৰা নাই আৰক্ষীয়ে।উল্লেখ্য যে বিগত বৰ্ষত ৪৪ হাজাৰ এনে বন্দুক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত।’গান ভায়লেন্স আৰ্কাইভ’ত থকা ডাটা অনুসৰি ইয়াৰ বেছিভাগ ঘটনাই হত্যাকাণ্ড,প্ৰতিৰক্ষা অথবা দুৰ্ঘটনা হিচাপে চিহ্নিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.