কেন্দ্ৰৰ হাতৰ পুতলা ED,CBI

বিজেপিৰ হাতৰ পুতলা সদৃশ হৈ পৰিছে চি বি আই,ইডি। শুকুৰবাৰৰ দিনটোত চৈধ্যতাকৈ ৰাজনৈতিক দল কাষ চাপিল সৰ্বোচ্চ ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিলে চৈধ্যটাকৈ ৰাজনৈতিক দলে। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বিচাৰে কেন্দ্ৰীয় সংস্থাসমূহক দলীয় উদ্দেশ্য সিদ্ধিৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ বিৰোধী ৰাজনৈতিক দলসমূহৰ। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংঘিয়ে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠক।চৈধ্যটাকৈ ৰাজনৈতিক দল দ্বাৰস্থ হ’ল সৰ্বোচ্চ ন্যায়ালয়ৰ বিজেপিয়ে অপপ্ৰয়োগ কৰিছে কেন্দ্ৰীয় সংস্থাৰ বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে চিবিআই, ইডি DMK,RJD,ভাৰত ৰাষ্ট্ৰ সমিতি,তৃণমূল কংগ্ৰেছো আছে এই ৰাজনৈতিক দলৰ তালিকাত।জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে ইতিমধ্যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক ১৪ টা ৰাজনৈতিক দলৰ আৱেদনৰ বিষয়টো অৱগত কৰে।সিংভীয়ে এই আৱেদনৰ সমৰ্থনত কয় যে প্ৰায় ৯৫% এনে গোচৰ CBI আৰু ED এ বিৰোধী নেতাৰ বিৰুদ্ধেহে চলাই আহিছে।উল্লেখ্য যে DMK আৰু RJD কংগ্ৰেছৰ সহযোগী দল ৷আনহাতে,ভাৰত ৰাষ্ট্ৰ সমিতি আৰু তৃণমূল কংগ্ৰেছে কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে।ছিংভীৰ মতে গণতন্ত্ৰ বৰ্তমান বিপন্ন হৈছে।এখন জনপ্ৰিয় সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুসৰি এনডিএৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা ২০২২ চনৰ ছেপ্তেম্বৰ পৰ্যন্ত মুঠ ১২১গৰাকী ৰাজনীতিকক EDএ জেৰা চলাইছে।তাৰ ভিতৰত ১১৫ গৰাকীয়েই বিৰোধী দলৰ সদস্য।অৰ্থাৎ মুঠ ৯৫% নেতাই বিৰোধী দলৰ।তাৰ বিপৰীতে ২০০৪ চনৰ পৰা ২০১৪ চনৰ সময়চোৱাৰ ইউপিএ চৰকাৰৰ দিনত মুঠ ২৬ গৰাকী ৰাজনীতিক ED ৰ ৰোষত পৰিছিল আৰু তাৰে মাত্ৰ ১৪ গৰাকী আছিল বিৰোধীৰ অৰ্থাৎ মাত্ৰ ৫৪% আছিল বিৰোধী দলৰ নেতা।অহা ৫ এপ্ৰিলত গোচৰটোৰ শুনানি অনুষ্ঠিত হ’ব।গোচৰটোৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশৰ বাহিৰেও থাকিব ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰ্দীৱালা।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296