নিন্দিত নহয়,বন্দিতহে হ’ল নেকি ৰাহুল গান্ধী?

বিজেপিয়ে কংগ্ৰেছ দলক নিশকতীয়া কৰাৰ বাবে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সাংসদ পদ খাৰিজৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও কিন্তু সমগ্ৰ বিশ্বই প্ৰচাৰ কৰিলে ৰাহুল গান্ধীৰ খবৰ ।এই মন্তব্য কংগ্ৰেছ নেতা শশী থাৰুৰৰ৷কংগ্ৰেছ নেতা শশী থাৰুৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সম্পৰ্কীয় বাতৰি প্ৰকাশ পোৱা ‘দ্য গাৰ্ডিয়ান অষ্ট্ৰেলিয়া’,’স্পেনিছ টেলেমুণ্ড’,জাৰ্মানীৰ ‘ফ্ৰেংকফুটাৰ অলজেমেইন’,ছৌডি আৰবৰ ‘এচৰাক নিউজ’,ফ্ৰান্সৰ ‘আৰএফআই’,চিএনএন ব্ৰাজিলত আদিত প্ৰকাশিত বাতৰি সমূহ শ্বেয়াৰ কৰিছে।ভাৰতীয় মূলৰ আমেৰিকান কংগ্ৰেছৰ সদস্য আৰ অ খান্নাই কয় ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাটো গান্ধীৰ দৰ্শনৰ প্ৰতি এক চূড়ান্ত ভেঙুচালি।তদুপৰি ই ভাৰতীয় আদৰ্শক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে।বলিউডৰ অভিনেতা স্বাৰা ভাস্কৰে কয় বিৰোধীক এনেদৰে কণ্ঠৰূদ্ধ কৰাৰ বাতৰি সাধাৰণতে তুৰস্ক,ৰাছিয়া আদি দেশৰ পৰাহে আহিছিল৷কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়া সেই তালিকাত ভাৰতো সোমাল য’ত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰেই গণতন্ত্ৰক ধ্বংস কৰাত হাত উজান দিছে।২০১৯ চনৰ এক মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিষয়টোৰ বিৰোধিতা কৰিছে সমগ্ৰ দেশৰ বিৰোধী নেতৃত্বই৷।উল্লেখ্য উচ্চ ন্যায়ালয়ে যদি ৰাহুল গান্ধী সম্পৰ্কত দিয়া ৰায় সম্পূৰ্ণভাৱে নস্যাৎ নকৰে,তেন্তে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব নোৱাৰিব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296