Investigative reporting with dedication.

ভয়ংকৰ মুদ্ৰাস্ফীতিয়ে কোঙা কৰিছে এখন দেশ।ময়দা আৰু কণীৰ বাহিৰে একোৱে ভাবিব নোৱাৰা হৈছে দেশখনৰ জনতাই।শ্ৰীলংকাৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত ।ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত সৃষ্টি হৈছে এই ভয়ংকৰ পৰিৱেশ।দিনে দিনে গভীৰৰ পৰা গভীৰতৰ হৈছে দেশখনৰ পৰিৱেশ।দেশখনৰ চৰকাৰী সংস্থাই প্ৰকাশ কৰিছে ইয়াৰ মুদ্ৰাস্ফীতিৰ হাৰ।প্ৰায় ৪৭% বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি।পাকিস্তান ব্যুৰ’ অব ষ্টেটিচটিকে এই পৰিসংখ্যা প্ৰকাশ কৰিছে।দেশখনত ইন্ধনজাতীয় সামগ্ৰীৰ দাম ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে হৈছে তীব্ৰ নাটনিও।পিয়াঁজৰ দাম বৃদ্ধি হৈছে প্ৰায় ২২৮.২৮ % ছিগাৰেটৰ দাম বৃদ্ধি পাইছে প্ৰায় ১৬৫.৮৮%,ডিজেলৰ দাম বৃদ্ধি পাইছে ১০২.৮৯% পাকিস্তানত ক্ৰমশঃ বৃদ্ধি পোৱা এই মুদ্ৰাস্ফীতি আৰু আৰ্থিক সংকট জোৰা মাৰিবলৈ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰা ১১০ কোটি টকাৰ ঋণ বিচাৰিছে পাকিস্তানে।এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ পাকিস্তান চৰকাৰে উলিয়াইছে এক অভিনৱ কৌশল।এক নিৰ্দিষ্ট পৰিমাণতকৈ অধিক আয় কৰিলে ধনী লোকসকলে পেট্ৰল -ডিজেল ক্ৰয় কৰোতে অতিৰিক্ত শুল্ক দিব লাগিব।অতিৰিক্তভাৱে সংগৃহীত শুল্ক উন্নয়নমূলক কামত ব্যৱহাৰ কৰা হ’ব।


