সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গোৰ মাৰি গংগাত পেলালে নেকি কংগ্ৰেছক?

ৰাহুল গান্ধীৰ শাস্তিয়ে একত্ৰিত কৰিলে নেকি বিৰোধীক?এই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী ভাৰতীয়ৰে !
শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছত কংগ্ৰেছৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা তৃৃণমূল কংগ্ৰেছেও চৰকাৰৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰে।’সাংবিধানিক গণতন্ত্ৰ বিপন্ন হৈছে’-এনেদৰে মন্তব্য কৰে মমতা বেনাৰ্জীয়ে৷টুইটাৰত তেওঁ মন্তব্য কৰে এনেদৰে ‘ নৰেন্দ্ৰ মোডীৰ নতুন ভাৰতত বিৰোধী নেতা সকলক লক্ষ্য কৰি লোৱা হৈছে।তেওঁলোকক নিজাববীয়াকৈ বক্তব্য ৰখাৰ বাবে অযোগ্য ঘোষণা কৰা হয়৷পুনৰ আজিৰ ঘটনাই তাকেই প্ৰমাণ কৰিলে।’আনহাতে,তৃণমূল কংগ্ৰেছৰ নেতা তথা সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে টুইটাৰত লিখিছে ‘ গণতান্ত্ৰিক ভাৰত এতিয়া এটা কামত নহা শব্দহে।’

Leave A Reply

Your email address will not be published.