‘মই ছাভাৰকৰ নহয় যে মই ক্ষমা খুজিম’

সাংসদ পদ খাৰিজ হোৱাৰ পাছত শনিবাৰে দুপৰীয়া প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে ৰাহুল গান্ধীয়ে।’মোৰ সাংসদ পদ খাৰিজ কৰিছে কাৰণ প্ৰধানমন্ত্ৰীয়ে মোৰ ইয়াৰ পিছৰ বক্তব্যলৈ ভয় কৰে।মই তেওঁৰ চকুত ভয় দেখিছোঁ।সেয়ে তেওঁলোকে মোক সংসদত কথা কোৱাটো বিচৰা নাই ‘বিজেপিয়ে তেওঁক ক্ষমা খুজিবলৈ দাবী জনোৱা সম্পৰ্কত তেওঁ কয় ‘মোৰ নাম ছাভাৰকৰ নহয়।মই গান্ধী হয়৷মই কোনো কাৰণতে ক্ষমা নোখোজোঁ।’ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে আভ্যন্তৰীণ ক্ষেত্ৰত আন্তৰ্জাতিক শক্তিক প্ৰশ্ৰয় দিয়া বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে ।তেওঁ এই অভিযোগ খণ্ডন কৰিবলৈ অধ্যক্ষৰ ওচৰত আৱেদনো জনাইছিল।তেওঁ লণ্ডনত প্ৰদান কৰা মন্তব্য সন্দৰ্ভত স্পষ্টীক
ৰণ দিব বিচাৰিছিল৷কিন্তু তেওঁক সেই সুবিধা দিয়া নহ’ল।কংগ্ৰেছ নেতাগৰাকীয়ে কয়’বিজেপি নেতাসকলে অভিযোগ কৰিছে মই বোলে ভাৰতবিৰোধী শক্তিক উৎসাহিত কৰিছোঁ।মই অধ্যক্ষক জনাইছিলোঁ যে মোৰ বিৰুদ্ধে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দিয়াৰ মোৰ অধিকাৰ আছে৷কিন্তু তেওঁ মোক সেই সুবিধা নিদিলে।’তেওঁ পুনৰ কয় ‘ এতিয়া মোৰ হাতত আছে এটাই পথ।সেয়া হ’লে সত্যৰ বাবে মই সংগ্ৰাম কৰিব লাগিব আৰু গণতান্ত্ৰিক চৰিত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত যুঁজ দিব লাগিব।মোক চিৰজীৱনৰ বাবে অযোগ্য ঘোষণা কৰক ,মোক জে’লত ৰাখক,মই মোৰ কাম কৰি যাম৷মোক চিন্তিত যেন লাগিছে নেকি?’উল্লেখ্যযে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ২০১৯ চনত তৰা এক মানহানি গোচৰৰ বাবে দোষী সাব্যস্ত কৰে চুৰাটৰ আদালতে৷বৃহস্পতিবাৰে দোষী সাব্যস্ত কৰা ৰাহুল গান্ধীক একেখন আদালতে জামিনো প্ৰদান কৰিছিল একেদিনাই।ইয়াৰ পিছত আশ্চৰ্যজনকভাৱে শুকুৰবাৰে লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296