ষড়যন্ত্ৰৰ বলি পঞ্জাৱী?

Share This Article

খালিস্তানী নেতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ তিনি দিনৰ পিছত শিৰোমণি আকালি দলে শাসক দল আপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে আম আদমি পাৰ্টিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ‘ এই চৰকাৰে ৰাজ্যত অঘোষিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।’
তদুপৰি সুখবীৰ সিং বাদলে আপে শিখ সম্প্ৰদায়ক জনমানসত হেয়প্ৰতিপন্ন কৰাৰ লগতে ‘নিৰ্দোষী শিখ যুৱক’ক গ্ৰেপ্তাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।উল্লেখ্য যে অমৃতপাল সিং নামৰ খালিস্তানী নেতাজনক বিচাৰি পঞ্জাৱ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান।তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ৰাজ্যখনৰ ইণ্টাৰনেট সেৱা বিগত শনিবাৰৰ পৰা কৰ্তন কৰিছে ।ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৪ গৰাকী দুধৰ্ষ খালিস্তানীক ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।সোমবাৰে আত্মসমৰ্পণ কৰা অমৃতপাল সিঙৰ খুড়াক আৰু গাড়ীচালককো আজি ডিব্ৰুগড়লৈ বিমানেৰে আনি থকা হৈছে।আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে চৰকাৰক সকীয়াই দিছে যে শিখ সম্প্ৰদায়ক বিভাজিত কৰি ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰা সকলে সমগ্ৰ বিশ্ববাসীৰ দৃষ্টিত দেশভক্ত শিখসকলক হেয় কৰিব বিচৰা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.