বিজেপিত এইবাৰ প’ষ্টাৰ ভূত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং হৈছে দেশৰ ৰাজধানী মহানগৰ দিল্লীত।প’ষ্টাৰৰ বিষয় ‘মোডী হটাও দেশ বচাও’!এই শ্লোগানেৰে প্ৰায় ২০০০ প’ষ্টাৰ লগোৱা হৈছে নতুন দিল্লীত।দিল্লী আৰক্ষীয়ে ইতিমধ্যে ৰাজধানী মহানগীৰৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০০০ প’ষ্টাৰ আঁতৰ কৰিছে আৰু আন প্ৰায় ২০০০ প’ষ্টাৰ কঢ়িয়াই ফুৰা মাৰুতি ভেন জব্দ কৰিছে।আইন শৃংখলা বিভাগৰ বিশেষ আয়ুক্ত দ্বীপেন্দ্ৰ পাঠকে জনাইছে যে ইতিমধ্যে গাড়ীখন জব্দ কৰা হৈছে।আয়ুক্তগৰাকীয়ে কয় ‘ আটক হোৱা ব্যক্তিজনে জনোৱা মতে তেওঁৰ স্বত্বাধিকাৰীয়ে তেওঁক প’ষ্টাৰখিনি আপৰ মুখ্য কাৰ্যালয়ত জমা দিযাৰ নিৰ্দেশ দিছিল৷ইতিমধ্যে আন দুগৰাকী লোককো গ্ৰেপ্তাৰ কৰিছোঁ৷তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।’আপে অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।আৰক্ষীৰ মতে দুটা প্ৰিণ্টিং প্ৰেছে ৫০ হাজাৰকৈ প’ষ্টাৰ অৰ্ডাৰ দিছে৷ইতিমধ্যে ইয়াৰ সৰহসংখ্যকেই অৰ্ডাৰ দিয়া স্থানত জমা দিয়া হৈছে।ইতিমধ্যে প’ষ্টাৰত প্ৰিণ্টিং প্ৰেছৰ নাম উল্লেখ নথকাৰ বাবে দুয়োটা প্ৰেছৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ পশ্চিম দিল্লীত মুঠ ৪০ টা গোচৰ ৰুজু হৈছে।বেছিভাগ গোচৰেই ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰেছ আৰু ৰেজিষ্ট্ৰেচন অব বুকছৰ অধীনত ৰুজু কৰা হৈছে।’প’ষ্টাৰ লগোৱাৰ বাবে বহুবোৰ ৰাজহুৱা সম্পত্তিৰ সৌন্দৰ্য নষ্ট হোৱাৰ গোচৰ ৰুজু কৰিছে প’ষ্টাৰ লগোৱা লোকসকলৰ বিৰুদ্ধে।চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ ডিচিপি ঘনশ্যাম বাঞ্চালে কয় ‘ আমি ইতিমধ্যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ।তদুপৰি এজন প্ৰেছৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ।ইতিমধ্যে তেওঁ ক’ৰপৰা অৰ্ডাৰ পাইছিল তাৰো তদন্ত কৰি থকা হৈছে।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296