মহাসংকটত মহাজোঁট !

Share This Article

লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে,সিমানেই যেন শত্ৰুতা বাঢ়িছে বিৰোধী দলবোৰৰ মাজত ।তৃণমূল কংগ্ৰেছক বিজেপি বি টীম আখ্যা দিয়াৰ পিছত এইবাৰ বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে সমাজবাদী দলক বিজেপিৰ বি টীম আখ্যা দিছে।বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে অখিলেশ যাদৱ আৰু মায়াৱতীৰ মাজত বৃদ্ধি পাইছে তিক্ততা।বিগত ১২মাৰ্চত উত্তৰ প্ৰদেশৰ সীতাপুৰত এক জনসভাত অংশ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কৈছিল ‘ মায়াৱতীৰ দলে বিজেপিৰ বি টীম হৈ কাম কৰিছে।অখিলেশ যাদৱৰ সেই মন্তব্যৰ পিছতে মুখ খুলিছে বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াৱতীয়ে।মায়াৱতীৰ অভিযোগ যে অখিলেশ যাদৱৰ প্ৰয়াত পিতৃ মুলায়েম সিং যাদৱ আছিল বিজেপিৰ আশীষ ধন্য৷উল্লেখ্য যে কিছুদিন আগতে অখিলেশৰ ভাতৃৰ পত্নী অপৰ্ণাই বিজেপিত যোগদান কৰিছে।টুইটাৰত মায়াৱতীয়ে প্ৰয়াত মুলায়েম সিং যাদৱক সমালোচনা কৰি লিখিছে ‘২০২৭ চনত যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত মুলায়েম সিঙৰ পৰিয়ালৰ কোনোবা সদস্যক দেখাৰ বাবেই তেওঁ পৰিয়ালৰ কোনোবা এগৰাকী সদস্যক বিজেপিলৈ যোগদানৰ বাবে পঠিওৱাটো নিশ্চিত আছিল।’২০১৭ চনৰ নিৰ্বাচনত সমাজবাদী দল আৰু বহুজন সমাজবাদী দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কিন্তু পিছত তেওঁলোকৰ মিত্ৰতা ভংগ হৈছিল ।মায়াৱতীৰ মতে দলিতৰ ভোট সমাজবাদী দলে লাভ কৰাৰ বিপৰীতে বহুজন সমাজবাদী পাৰ্টিয়ে যাদৱ সম্প্ৰদায়ৰ ভোট লাভ কৰা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.