পুনৰ এলোপেথিক টাৰ্গেট ৰামদেৱৰ

Share This Article

এলোপেথি চিকিৎসাক সমালোচনা কৰি বাৰে বাৰে বিতৰ্কলৈ আহে যোগগুৰু ৰামদেৱ।ইণ্টাৰনেশ্যনেল আয়ুৰ্বেদ কনক্লেভ ২০২৩ ৰ এক অনুষ্ঠানত অংশ লৈ যোগগুৰু গৰাকীয়ে এলোপেথি চিকিৎসাই কোনো কাৰণতে কেন্সাৰ,ডায়বেটিক,প্ৰেছাৰ আদি ৰোগ ভাল কৰিব নোৱাৰে বুলি উল্লেখ কৰে।ৰামদেৱে লগতে কয় যে গৰুৰ প্ৰস্ৰাৱ আৰু আয়ুৰ্বেদিক ঔষধ মিহলাই খালে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷আয়ুৰ্বেদে ৰোগ একেবাৰে গুৰিতে নিৰ্মূল কৰে কিন্তু এলোপেথিয়ে দিয়ে মাত্ৰ সাময়িক সকাহ-এনেদৰে পুনৰ কয় ৰামদেৱে।উল্লেখ্য যে ইয়াৰ আগতেও ৰামদেৱে বিতৰ্কিত মন্তব্য কৰাৰ বাবে কেইবাটাও গোচৰ তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হৈ আছে৷আনকি কেৰালাৰ এজন চিকিৎসকে তেওঁৰ কেইটামান ঔষধৰ প্ৰস্তুতকৰণ বন্ধ কৰাৰ বাবেও উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.