Investigative reporting with dedication.
ভঙা দলঙৰ নিৰ্মাণ বন্ধ

নিৰ্মীয়মাণ ২০ কোটিটকীয়া দলং ভাঙি পৰাত কামপুৰত বিভিন্ন দল সংগঠনে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।নিৰ্মীয়মাণ অৱস্থাত কপিলী দলং ভাঙি যোৱাত ৰাইজৰ এই প্ৰতিবাদ। দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে ৰাইজে।বৰ্তমানেও দলং নিৰ্মানস্থলীৰ কোনো বিভাগীয়া বিষয়া উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ উজাৰে কামপুৰৰ ৰাইজে।ঠিকাদাৰ উত্তম চন্দ্ৰ নাহাতাই মইমতালিৰে কাম কৰাৰ অভিযোগ ৰাইজৰ।ৰাইজে কপিলী নদীৰ ওপৰত পুৰণা দলং খনৰে গধুৰ যান বাহন চলাচল বন্ধ কৰাৰো দাবী জনায়।সমবেত ৰাইজে বিধায়ক জিতু গোস্বামী আৰু দলং নিৰ্মাণৰ ঠিকাদাৰ উত্তম চন্দ্ৰ নাহাতাৰ বিৰুদ্ধে শ্লগান দিয়ে।





