Investigative reporting with dedication.
বিজেপিক প্ৰশংসা শশী থাৰুৰৰ কিন্তু কিয়?

ৰাজনীতিৰ ক্ষেত্ৰখনত বিজেপি সঁচাকৈয়ে পাৰ্গত।ৰাজনীতি কি আৰু কেনেকৈ কৰিব লাগে জানে বিজেপিয়ে।এই মন্তব্য কংগ্ৰেছৰ এগৰাকী সাংসদ শশী থাৰুৰৰ।’ইণ্ডিয়া টুডে’ৰ এক অনুষ্ঠানত অংশ লৈ থাৰুৰে কয় ‘ তেওঁ কোনো কাৰণতেই ক্ষমা খোজাৰ প্ৰয়োজন নাই।তেওঁ একো ভুল কোৱা নাই।কিন্তু বিজেপিয়ে একেটা ইছ্যুতে লাগি আছে।বিজেপি ৰাজনীতিত পাৰ্গত ।তেওঁ কোনো কাৰণতে কোনো বিদেশী ৰাষ্ট্ৰক আমাৰ গণতন্ত্ৰৰ ৰক্ষাৰ দায়িত্ব দিয়া নাই৷তেনেকুৱা এটা বাক্যও তেওঁ কোৱা নাই ।’উল্লেখ্য যে শেহতীয়া বৃটেইন ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ভাৰতত গণতন্ত্ৰ বিপন্ন হোৱা বুলি উল্লেখ কৰাৰ লগতে বিৰোধীক সংসদত বক্তব্য ৰখাৰ অধিকাৰ দিয়া নহয় আৰু মাইকৰ শব্দ কমাই দিয়া হয় বুলি উল্লেখ কৰিছিল।তাৰ পিছৰ পৰাই বিদেশৰ ভূমিত ৰাহুল গান্ধীয়ে ভাৰতক হেয়প্ৰতিপন্ন কৰা বুলি ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনাই আহিছে বিজেপিয়ে।ৰাহুল গান্ধীক সমালোচনা কৰা বিজেপিৰ আক্ৰমণৰ পৰা নেতাগৰাকীক সুৰক্ষা দিয়াৰ স্বাৰ্থত বিজেপি ৰাজনীতিত পাৰ্গত বুলি উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে।





