মমতা-অখিলেশৰ Action মানেই বিজেপিৰ বাঢ়িল Tension

সমাজবাদী পাৰ্টিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কলকাতাত অনুষ্ঠিত হোৱাৰ কথা ।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যনিৰ্বাহক ১৮ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব।ইতিমধ্যে দলটোৰ সভাপতি অখিলেশ যাদৱ কলকতাত উপস্থিত হৈছে।শুকুৰবাৰে সন্ধিয়াৰ ভাগত অখিলেশ যাদৱে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ কথা।কলকাতাত উপস্থিত হৈ বিৰোধীৰ ওপৰত শাসক দলৰ অত্যাচাৰৰ বিষয়টো উল্লেখ কৰি অখিলেশ যাদৱে কয় ‘ ED,CBI আৰু ইনকাম টেক্স হ’ল বিজেপিৰ মূল অস্ত্ৰ।পশ্চিমবংগত অৱশ্যে হাৰাশাস্তি অলপ কম ।কিন্তু উত্তৰ প্ৰদেশত আমাৰ বহু কেইগৰাকী নেতা,বিধায়ক এতিয়াও মিছা অভিযোগত কাৰাগাৰত আছে৷বিজেপিয়ে বিৰোধীৰ বিৰুদ্ধে ED,CBI পঠিওৱাটো এক নিয়মৰ দৰেই।’উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে কলকতাত উপস্থিত হোৱা অখিলেশ যাদৱে ৰাজস্থান,ছত্তীশগড় আৰু মধ্য প্ৰদেশৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশল প্ৰস্তুত কৰিব।
তদুপৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত যাদৱৰ আছে এক সুসম্পৰ্ক।সেই সূত্ৰেই তেওঁ শুকুৰবাৰে বিয়লি মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত তেওঁৰ দলে তৃণমূল কংগ্ৰেছক সমৰ্থন আগবঢ়াইছিল।ইয়াৰ পিছত অৰ্থাৎ ২০২২চনত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে সমাজবাদী দলৰ হৈ প্ৰচাৰ চলাইছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296