আহিয়েই আছে গাহৰি

Share This Article

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি গাহৰি চিণ্ডিকেট চক্ৰৰ।এতিয়াও অব্যাহত আছে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ।ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই বহিঃৰাজ্যৰ পৰা গাহৰি চিণ্ডিকেট চক্ৰই গাহৰি ভৰ্তি ট্ৰাক আহি পোৱালেহি আমগুৰি।পুৱতি নিশা আমগুৰি থানাৰ সন্মুখত বহিঃৰাজ্যৰ পৰা অহা গাহৰি ভৰ্তি ট্ৰাক আবদ্ধ কৰে বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বই।ইপিনে গাহৰি চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আমগুৰি থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠন কেইটাৰ।গাহৰি সমুহ বহিঃৰাজ্যৰ পৰা অসমৰ মাজেদি নাগালেণ্ডলৈ সৰবৰাহ কৰিছিল। গাহৰি ভৰ্তি ট্ৰাকখনত বহু কেইটা মৃত গাহৰিও দেখিবলৈ পোৱা যায়।উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা গাহৰি আৰু ব্ৰইলাৰ সৰৱৰাহ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও চৰকাৰৰ নিষেধাজ্ঞাক ভেঙুচালি কৰি ছিণ্ডিকেট চক্ৰই এইদৰে ৰাজ্যৰ মাজেদি গাহৰি সৰবৰাহ কৰি আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.