কেনেকৈ ফাদিল হৈছিল প্ৰশ্নকাকত? ক’লে DGPএ

Share This Article

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত শুকুৰবাৰে সংবাদমেল সম্বোধন DGP জি পি সিঙৰ ।”মোটা অংকৰ বিনিময়ত পেপাৰ লিক কৰিছিল প্ৰণৱ দত্তই।প্ৰণৱ দত্তই প্ৰশ্নকাকত উলিয়াই বিক্ৰী কৰিছিল কুমুদ ৰাজখোৱাক।চেইন চিষ্টেমত তালিকা বনাই তদন্ত কৰিছিল অসম আৰক্ষীয়ে।তদন্তৰ পাছতেই পোহৰলৈ আহে কুমুদ ৰাজখোৱাৰ নাম ।উজনি অসমত ৰাজখোৱাৰ পৰাই প্ৰশ্নকাকত ফাদিল হোৱাৰ ইংগিত অসম আৰক্ষীৰ।কুমুদ ৰাজখোৱাই নিজৰ বিদ্যালয়ৰ হোৱাটচএপ ৷ প্ৰথমে share কৰিছিল প্ৰশ্নকাকত দুখন।আনকি ধনৰ বিনিময়ত আৰু বহুতকে বিতৰণ কৰিছিল প্ৰশ্নকাকত।ছাত্ৰ সকলক গ্ৰেপ্তাৰ নকৰিলে মূল কালপ্ৰিত ধৰা নপৰিল হয়।যাৰ বাবে নাবালক হোৱা স্বত্বেও আৰক্ষীয়ে বহু ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ।আজিৰ দিনটোলৈ মুঠ ২৭ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।১৩ গৰাকী নাবালক আৰু ৪ জনক আটক কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.