বিজেপিত কন্দল

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ থকা অৱস্থাত অন্তকন্দলত ভুগিছে কৰ্ণাটক বিজেপি। নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰ ভাগত আৰম্ভ হৈছে সংঘাত।এছ য়েডিয়ুৰপ্পাৰ হাতত ধৰি বিজেপিয়ে কৰ্ণাটকত নিৰ্বাচন জয়ী হোৱাৰ কথা ভাবিছে, যিজন য়েডিয়ুৰপ্পাক কেইদিনমান পূৰ্বে স্বয়ং প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰশংসা কৰি সন্মানিত কৰিছে সেই য়েডিয়ুৰপ্পাৰেই বিৰোধত নামিছে কৰ্ণাটক বিজেপিৰ একাংশ কর্মী। বি এছ য়েডিয়ুৰাপ্পাক বিজেপি কৰ্মীয়ে ঘেৰাও কৰাৰ ফলত বাতিল কৰিব লগা হৈছে নিৰ্বাচনী অনুষ্ঠান।শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰপ্পা আৰু দলৰ মহাসচিব চি টি ৰবিৰ মাজত বৃদ্ধি পাইছে সংঘাত। দলীয় প্ৰাৰ্থী দিয়াক কেন্দ্ৰ কৰি দুই বিজেপি নেতাৰ মাজত সৃষ্টি হৈছে সংঘাত। কোৱা হৈছে এম পি কুমাৰস্বামীক টিকট দিয়াৰ লগতে য়েডিয়ুৰপ্পাৰ পুত্ৰ বিজয়েন্দ্ৰ আগামীক নিজৰ পছন্দ সমষ্টি প্ৰদান কৰাৰ বাবেই সৃষ্টি হৈছে সংঘাত ।বি এছ য়েডিয়ুৰপ্পাই নিজ পুত্ৰক শিগোমা জিলাৰ শিকাৰীপুৰাৰ পৰা টিকট দিয়াৰ কথা ঘোষণা কৰিছিল যদিও মুকলিকৈ তাৰ বিৰোধিতা কৰিছিল বিজেপিৰ মহাসচিব চি টি ৰবিয়ে। ইয়াৰ লগতে মুদিগেৰে সমষ্টিৰ বৰ্তমানৰ বিধায়ক এম পি কুমাৰস্বামীক পুনৰ দলীয় প্ৰাৰ্থীত্ব দিয়াৰ পক্ষপাতি বি এছ য়েডিয়ুৰপ্পা। তাৰ পৰিৱৰ্তে কুমাৰস্বামীক পুনৰ দলীয় প্ৰাৰ্থী হিচাপে নিবিচাৰে চি টি ৰবিৰ সমৰ্থকে। তাৰ পৰিপ্ৰেক্ষিতত কৰ্ণাটক বিজেপিৰ দুই নেতাৰ মাজত সৃষ্টি হৈছে সংঘাত। আৰু শেহতীয়াকৈ চি টি ৰবিৰ সমৰ্থকে য়েডিয়ুৰপ্পাক ঘেৰাও কৰাৰ ফলত বাতিল কৰিব লগা হৈছে য়েডিয়ুৰপ্পাৰ নিৰ্বাচনী অনুষ্ঠান।আনহাতে এই ঘটনাৰ পিছতে মুদিগেৰে সমষ্টিৰ বিধায়ক কুমাৰস্বামীয়ে দুখ প্ৰকাশ কৰি কয় যে য়েডিয়ুৰপ্পাৰ নিচিনা জ্যেষ্ঠ নেতাক অনুষ্ঠানত ভাগ ল’ব নিদিয়াতো দুৰ্ভাগ্যজনক। অনুসূচিত জাতিৰ হোৱা বাবেই তেওঁক লক্ষ্য হিচাপে লোৱা হৈছে বুলিও অভিযোগ উত্থাপন কৰে এম পি কুমাৰস্বামীয়ে।উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে বি এছ য়েডিয়ুৰপ্পাৰ মুকলিলৈ প্ৰশংসা কৰাৰ লগতে সন্মানিত কৰিছিল। মোডীয়ে কৈছিল যে য়েডিয়ুৰপ্পাই নিজৰ জীৱন দুখীয়া আৰু কৃষকৰ বাবে আত্মসমৰ্পিত কৰিছে। য়েডিয়ুৰপ্পা অন্যৰ বাবে প্ৰেৰণা হ’ব লাগে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল।দক্ষিণ ভাৰতত বিজেপিৰ সকলোতকৈ চিনাকি মুখ য়েডিয়ুৰপ্পাক ২০২১ চনত বিজেপিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা আতঁৰাইছিল। কিন্তু চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিকল্পৰ অভাৱ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পৰিপ্ৰেক্ষিতত পুনৰ য়েডিয়ুৰপ্পাৰ শৰণাপন্ন হ’বলগীয়া হয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। কিন্তু সেই য়েডিয়ুৰপ্পাৰ বিৰুদ্ধেই প্ৰতিবাদমুখৰ হৈ পৰিছে কৰ্ণাটক বিজেপিৰ কর্মী-সমৰ্থক। এতিয়া য়েডিয়ুৰপ্পাৰ বিৰুদ্ধে আৰম্ভ হোৱা সংঘাতে কৰ্ণাটক বিজেপিক কিমান ক্ষতি কৰে সেয়াহে লক্ষণীয় হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296