মাহ ডিচেম্বৰ 2022

শিৱাজীক অপমান সিন্দে চৰকাৰৰ !

ছত্ৰপতি শিৱাজী মহাৰাজক অপমান সিন্দে চৰকাৰৰ। তাৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল’ব মহাৰাষ্ট্ৰ বিকাশ অগধীয়ে। উদ্ধৱ থাকৰেই এক সংবাদমেল সম্বোধন কৰি কয় “ আমি ১৭ ডিচেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ম।জিজামাতা উদ্যানৰ পৰা আজাদ ময়দানলৈকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা…

বঙহৰ যুঁজ ,নিহত ১ জন

সোণাৰি সদৰ থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিলে আন এগৰাকী কনিষ্টবলক ৷ পুৱা কৰ্তব্য সম্পাদনৰ সময়ত তৰ্কাতৰ্কিৰ সৃষ্টি হোৱাৰ বাবে কনিষ্টবল দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক।গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ কনিষ্টবল জন। নিহত…

আপ বিজেপিৰ বি টীম !

গুজৰাটৰ বিধান সভাৰ নিৰ্বাচনত বিৰোধীৰ ভোট ভাগ হোৱাৰ আশংকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।আম আদমী পাৰ্টিক বিজেপিৰ বি টীম আখ্যা ভূপেন বৰাৰ।অআইইউডিএফক অসমত বিজেপিৰ বি টীম বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।বদৰুদ্দিন আজমলৰ উচতনিমূলক, সাম্প্ৰদায়িক মন্তব্যত মনে মনে থাকি মুখ্যমন্ত্ৰী ড০…

টুইট কৰি গ্ৰেপ্তাৰ নেতা

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ চকেট গোখলেক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে।গুজৰাটৰ মৰ্বী দলং সম্পৰ্কত এটা টুইট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চকেট গোখলেক।উল্লেখ্য যে অৱশ্যে কোনটো টুইটৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ,সেয়া জনোৱা নাই দলটোৱে।গোখলেৰ এটা টুইটত তেওঁ সংবাদমাধ্যমত প্ৰকাশিত কিছু পেপাৰ কাটিং…

কাঠ ফলা মেচিন জব্দ

মঙ্গলবাৰে পুৱতি নিশা দৰঙৰ শ্যামটিলা গাঁৱত বন বিভাগে অভিযান চলায়৷অভিযানত প্ৰায় ডেৰ লাখ টকীয়া প্ৰকাণ্ড কাঠ ফলা মেচিন জব্দ কৰে বিভাগটোৱে।বন বিভাগৰ মঙলদৈৰ বিট বিষয়া তপন দাসৰ নেতৃত্বত অভিযান চলাই শ্যামটিলাৰ শুক্ৰবৰীয়া বজাৰৰ সমীপৰ পৰা এটা প্ৰকাণ্ড কাঠ ফলা মেচিন…

কমতাপুৰৰ দাবীৰে সাক্ষাৎ মুখ্যমন্ত্ৰীক

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৫ ডিচেম্বৰত কোচ ৰাজবংশী জাতীয় পৰিষদ , কোচ- ৰাজবংশী সাহিত্য পৰিষদ আৰু কোচ- ৰাজবংশী মহিলা পৰিষদৰ নেতৃবৃন্দই সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। কোচ- ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কমতাপুৰ ৰাজ্যৰ…

অব্যাহত ৰাসৰ উন্মাদনা

ৰাজ্যত এতিয়াও শেষ হোৱা নাই ৰাসৰ উন্মাদনা ।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে ৰাস।ক’ভিডৰ সন্ত্ৰাসত দুটাকৈ বছৰত উৎসৱৰ তাৰিখ পাহৰি যোৱা অসমবাসীয়ে ৰাসৰ জৰিয়তে বোৱাইছে সম্প্ৰীতিৰ ঢল ।নগাঁৱৰ পশ্চিম জলাহ গাঁৱত সমন্বয়ৰ ধ্বজা উৰুৱাই আঘোণৰ কুঁৱলী ফালি পাতিলে ১৪ তম…

হাইলাকান্দি কঁপালে টেট শিক্ষকে

হাইলাকান্দিত সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিবাদী আন্দোলন । সমগ্র অসমৰ লগত টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ উঠিছে হাইলাকান্দি জিলাও। টেট উত্তীর্ণ চুক্তি ভিত্তিক শিক্ষক সকলে হাইলাকান্দি চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্মাৰকস্থলীত এখন প্রতিবাদী সভাৰ আয়োজন কৰি টেট উত্তীর্ণ…

ঘুমটি নাথাকে,মল থাকিব উৰিয়া গাঁৱত

নগাঁৱৰ উৰিয়া গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০০৩/২০০৪ বৰ্ষতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে পানীৰ দামত মাটি ক্ৰয় কৰিছিল।বৰ্তমান চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণ হোৱাৰ পাছত উৰিয়া গাঁৱৰ বাইপাছ চকৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ৰয় কৰা মাটিত বৰ্তমান বহিৰাগত ব্যবসায়ীক শ্বপিং মল…

মোডী চৰকাৰ হায় হায় কিন্তু ক’ত?

শিৱসাগৰত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ অৰ্থাৎ AITUC ৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী।বিজেপি চৰকাৰে শ্ৰমজীৱি জনগণৰ বিৰুদ্ধে কৰা কাম-কাজৰ…