Investigative reporting with dedication.

ৰাজ্যত এতিয়াও শেষ হোৱা নাই ৰাসৰ উন্মাদনা ।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে ৰাস।ক’ভিডৰ সন্ত্ৰাসত দুটাকৈ বছৰত উৎসৱৰ তাৰিখ পাহৰি যোৱা অসমবাসীয়ে ৰাসৰ জৰিয়তে বোৱাইছে সম্প্ৰীতিৰ ঢল ।নগাঁৱৰ পশ্চিম জলাহ গাঁৱত সমন্বয়ৰ ধ্বজা উৰুৱাই আঘোণৰ কুঁৱলী ফালি পাতিলে ১৪ তম ৰাস মহোৎসৱ।অঞ্চলটোৰ তিনিওখনকৈ গাঁৱৰ ৰাইজৰ একত্ৰিত প্ৰচেষ্টাত অনুষ্ঠিত ৰাস মহোৎসৱত উপস্থিত থাকিল বেহাৰবাৰীৰ মোহন খ্যাত জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট ।নগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিপ কোমৰাই উদ্ধোধন কৰা এই ৰাসলীলাৰে অন্য এক বৃন্দাবন হৈ পৰিল পশ্চিম জলাহৰ উৎসৱ থলী।




