Investigative reporting with dedication.

মঙ্গলবাৰে পুৱতি নিশা দৰঙৰ শ্যামটিলা গাঁৱত বন বিভাগে অভিযান চলায়৷অভিযানত প্ৰায় ডেৰ লাখ টকীয়া প্ৰকাণ্ড কাঠ ফলা মেচিন জব্দ কৰে বিভাগটোৱে।বন বিভাগৰ মঙলদৈৰ বিট বিষয়া তপন দাসৰ নেতৃত্বত অভিযান চলাই শ্যামটিলাৰ শুক্ৰবৰীয়া বজাৰৰ সমীপৰ পৰা এটা প্ৰকাণ্ড কাঠ ফলা মেচিন জব্দ কৰে । বন বিষয়া তপন দাসে জনোৱা মতে যোৱা দহ দিনৰ ভিতৰত বিভাগে বহু কেইটা কাঠ ফলা মেচিন জব্দ কৰে।অৱশ্যে অভিযানৰ খবৰ পায়েই মেচিনৰ গৰাকী পলাই যাবলৈ সক্ষম হয়।




