Investigative reporting with dedication.

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ চকেট গোখলেক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে।গুজৰাটৰ মৰ্বী দলং সম্পৰ্কত এটা টুইট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চকেট গোখলেক।উল্লেখ্য যে অৱশ্যে কোনটো টুইটৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ,সেয়া জনোৱা নাই দলটোৱে।গোখলেৰ এটা টুইটত তেওঁ সংবাদমাধ্যমত প্ৰকাশিত কিছু পেপাৰ কাটিং সংযোজন কৰি মোডীৰ মৰ্বী ভ্ৰমণৰ সময়ত ৩০ কোটি টকা ব্যয় হোৱা বুলি উল্লেখ কৰিছিল৷তেওঁ RTI ৰ তথ্যত এই কথা প্ৰকাশ পোৱা বুলি লিখিছিল।“ এই দাবী ভুৱা”- পিআইবিয়ে ফেক্ট চেক কৰি এনেদৰে প্ৰকাশ কৰে।এই দাবী ভুৱা আৰু এনেকুৱা কোনো আৰটিআইৰ তথ্য দিয়া হোৱা নছিল বুলি জনাই পিআইবিয়ে।চকেট গোখলেক সোমবাৰে নিশা নতুন দিল্লীৰ পৰা জয়পুৰলৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰাই তেওঁক গুজৰাট আৰক্ষীয়ে ‘তুলি’ লৈ গৈছিল।সোমবাৰে নিশা ২ বজাত তেওঁ তেওঁৰ মাতৃলৈ ফোন কৰি তেওঁক আহমেদাবাদলৈ লৈ যোৱাৰ কথা অৱগত কৰিছে।উল্লেখ্য যে বিগত ৩০ অক্টোবৰত গুজৰাটৰ মৰ্বীত এখন ওলোমা দলং ভাঙি পৰি প্ৰায় ১৩০ লোক নিহত হৈছিল।




