হাইলাকান্দি কঁপালে টেট শিক্ষকে

Share This Article

হাইলাকান্দিত সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিবাদী আন্দোলন । সমগ্র অসমৰ লগত টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ উঠিছে হাইলাকান্দি জিলাও। টেট উত্তীর্ণ চুক্তি ভিত্তিক শিক্ষক সকলে হাইলাকান্দি চহৰৰ মাজমজিয়াত থকা শ্বহীদ স্মাৰকস্থলীত এখন প্রতিবাদী সভাৰ আয়োজন কৰি টেট উত্তীর্ণ চুক্তিভিত্তিক শিক্ষক সকলৰ বাবে অনুষ্ঠিত কৰা বাছনি ব্যবস্থা প্রত্যাহাৰ কৰাৰ দাবী জনায়।উল্লেখ্য যে টেট উত্তীর্ণ চুক্তিভিত্তিক শিক্ষক সকলৰ বাবে শিক্ষাবিভাগে এটা বিশেষ এপৰ জৰিয়তে এনে শিক্ষক সকলক বাছনি কৰাৰ সিদ্ধান্ত লৈছে।প্রতিবাদকাৰী টেট উত্তীর্ণ শিক্ষক সমাজৰ প্রতিনিধি সকলে কয়, তেওঁলোকৰ ভাল পাৰফর্মেন্সৰ বাবে অসমৰ শিক্ষা জগতত এক বৈপ্লবিক পৰিবর্তন আহিছে।কিন্তু চৰকাৰে এনে শিক্ষক সকলৰ প্রতি সদায় বৈষম্যমূলক আচৰণ কৰি আহিছে।কেবল মাত্র টেট উত্তীর্ণ চুক্তিভিত্তিক শিক্ষক সকলৰ বাবেই এটা বিশেষ এপৰ জৰিয়তে বাছনিৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু বাকী শিক্ষক সকলৰ বাবে এনে কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই।এই বাছনি কেবল মাত্র টেট উত্তীর্ণ চুক্তিভিত্তিক শিক্ষক সকলৰ বাবে কৰাক লৈ ক্ষুব্ধ হৈ উঠিছে প্রতিবাদকাৰী টেট উত্তীর্ণ চুক্তিভিত্তিক শিক্ষকসকল।তেওঁলোকৰ দাবী বাছনি হ’লে সকলো শিক্ষকৰে হ’ব লাগে আৰু নহ’লে এনে এপ প্রত্যাহাৰ কৰিব লাগে। চৰকাৰে এনে সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে অসমৰ টেট উত্তীর্ণ শিক্ষক সমাজে ৰাজ্যব্যাপী গণ আন্দলোন গঢ়ি তুলিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.