আপ বিজেপিৰ বি টীম !

Share This Article

গুজৰাটৰ বিধান সভাৰ নিৰ্বাচনত বিৰোধীৰ ভোট ভাগ হোৱাৰ আশংকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।আম আদমী পাৰ্টিক বিজেপিৰ বি টীম আখ্যা ভূপেন বৰাৰ।অআইইউডিএফক অসমত বিজেপিৰ বি টীম বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।বদৰুদ্দিন আজমলৰ উচতনিমূলক, সাম্প্ৰদায়িক মন্তব্যত মনে মনে থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।ভূপেন বৰাই কয় “ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ বাবে আইন বেলেগ, ভিক্টৰ দাসৰ বাবে আইন বেলেগ, আৰু মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ বুকুৰ কুটুম হোৱাৰ বাবে আজমলৰ বাবে আইন বেলেগ।”বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে এনে ধৰণৰ মন্তব্য আগবঢ়াইছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.