Investigative reporting with dedication.

সোণাৰি সদৰ থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।এজন কনিষ্টবলে গুলীয়াই হত্যা কৰিলে আন এগৰাকী কনিষ্টবলক ৷ পুৱা কৰ্তব্য সম্পাদনৰ সময়ত তৰ্কাতৰ্কিৰ সৃষ্টি হোৱাৰ বাবে কনিষ্টবল দীপক কাকতিয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক।গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ কনিষ্টবল জন। নিহত গকুল বসুমতাৰীৰ ঘৰ নগাঁও জিলাৰ চামগুৰিত ।আনহাতে,দীপক কাকতিৰ ঘৰ বাইহাটা চাৰিআলিত৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দুয়োৰে মাজত প্ৰায়ে বাকবিতণ্ডাৰ সৃষ্টি হয়।আজি নৈশ ডিউটিত আছিল গকুল বসুমতাৰী৷সেই ডিউটিৰ দায়িত্ব ল’বলৈ আহি দীপক কাকতিৰ কথাৰ কটাকটি হৈছিল নিহত বসুমতাৰীৰ লগত।সেই সামান্য বাকবিতণ্ডাই গুৰুতৰ ৰূপ লৈছিল আৰু দীপকে লগত থকা চাৰ্ভিছ পিষ্টলেৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰাৰ ফলত গকুল বসুমতাৰী ঘটনাস্থলীতে নিহত হয়৷দুয়ো সোণাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ বেৰেকৰ নিৰাপত্তাৰ দায়িত্বত আছিল।নিহত গকুল বসুমতাৰীৰ পত্নী আছিল অন্তঃসত্ত্বা।এই অপ্ৰত্যাশিত খবৰ লাভ কৰাৰ পিছতেই গকুল বসুমতাৰীৰ বাসগৃহত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ । আত্মীয় তথা প্ৰতিৱেশীয়ে হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰিছে।




