মোডী চৰকাৰ হায় হায় কিন্তু ক’ত?

Share This Article

শিৱসাগৰত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ অৰ্থাৎ AITUC ৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী।বিজেপি চৰকাৰে শ্ৰমজীৱি জনগণৰ বিৰুদ্ধে কৰা কাম-কাজৰ বিৰোধিতা কৰি সংগঠনটোৰ কৰ্মকৰ্তা সকলে মোডী চৰকাৰ হায় হায়, শ্ৰম বিৰোধী নীতি বন্ধ কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।সংগঠনটোৰ কৰ্মকৰ্তা সকলে চাৰি শ্ৰম সংহিতা আইন বাতিল কৰা, বিদ্যুৎ বিল ২০২২ বাতিল কৰা, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহৰ ব্যক্তিগতকৰণ বন্ধ কৰাৰ লগতে ভাৰত চৰকাৰৰ নৱৰত্ন কোম্পানী ONGC ত থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰ ওপৰিও নিৰ্মাণ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষাৰ ধন মোকলাই দিয়াৰ দাবী উত্থাপন কৰি জিলা উপায়ুক্তৰ যোগেদি সংশ্লিষ্ট কতৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.