ঘুমটি নাথাকে,মল থাকিব উৰিয়া গাঁৱত

Share This Article

নগাঁৱৰ উৰিয়া গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০০৩/২০০৪ বৰ্ষতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে পানীৰ দামত মাটি ক্ৰয় কৰিছিল।বৰ্তমান চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণ হোৱাৰ পাছত উৰিয়া গাঁৱৰ বাইপাছ চকৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ৰয় কৰা মাটিত বৰ্তমান বহিৰাগত ব্যবসায়ীক শ্বপিং মল আৰু পেট্ৰল পাম্পৰ নিৰ্মাণৰ বাবে মাটি হস্তান্তৰ কৰাৰ পাছত থলুৱা ব্যবসায়ীৰ অস্তিত্ব আৰু ভবিষ্যত সু নিশ্চিত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে বিগত এটা পষেকৰ পৰা গণতান্ত্ৰিক আন্দোলন কৰি জিলা প্ৰশাসনক স্মাৰক পত্র দি অহাৰ পাছতো কোনো ব্যবস্থা নোলোৱাত সোমবাৰে সংগঠনটো আৰু স্থানীয় লোকে আমৰণ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।জিলা প্ৰশাসনে সংগঠনটোৰ এই প্ৰতিবাদ কেনেকৈ গ্ৰহণ কৰি মীমাংসাৰ ব্যবস্থা কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.