মাহ ছেপ্টেম্বৰ 2021

এজাক বৰষুণতে মোডীৰ স্মাৰ্ট চিটিত হাহাকাৰ

আজি এজাক বৰষুণতে পুনৰ বুৰিল গুৱাহাটী। ৰাতিপুৱাৰ মূষলধাৰ বৰষুণ জাকে বুৰাই পেলালে মহানগৰখনৰ বহুকেইটা ৰাজপথ। বহু উপ-পথত পানীয়ে সৃষ্টি কৰিছে ছুইমিং পুল সদৃশ পৰিস্থিতি। মাত্ৰ এজাক বৰষুণতে পণবন্দী হ’ল মোডীৰ স্মাট চিটিৰ জনতা। বিজেপি চৰকাৰে ৰাজ্যত প্ৰায় ৬টাকৈ বছৰ সম্পূৰ্ণ…

ক’ভিডৰ আতংকৰ মাজতে দেশত ডেংগুৰ সন্ত্ৰাসঃ কেন্দ্ৰৰ সতৰ্কবাণী

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে আৰম্ভ হৈছে ডেংগুৰ সন্ত্ৰাস। দেশৰ বহু কেইখন ৰাজ্যত ডেংগুয়ে লৈছে ভয়ংকৰ ৰূপ। ডেংগুৰ সন্ত্ৰাসৰ বাবে এতিয়া উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কেৰেলা, উৰিষ্যাকে ধৰি দেশৰ ১১ খন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে।…

আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে

আগন্তুক ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিব সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ক্ষন্তেক পিছতে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা। সৰ্বানন্দ সোনোৱালৰ নতুন যাত্ৰাক লৈ উৎসাহী…

জ্বলাই দিয়াৰ সলনি খৰ্গসমূহ মিউজিয়ামত সংৰক্ষণ কৰিব পাৰিলেহেঁতেনঃ অখিল গগৈ

চোৰাং চিকাৰীয়ে হত্যা কৰা গড়ৰ বহু খৰ্গ জ্বলাই দিয়াৰ যো-জা কৰিছে অসম চৰকাৰে। গঁড়ৰ খৰ্গ দহনৰ বাবে আয়োজন কৰা হৈছে আড়ম্বৰ পূৰ্ণ অনুষ্ঠান। কিন্তু ৰাজ্য চৰকাৰৰ এই কথা সমৰ্থন কৰিব পৰা নাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।…

১৮ বছৰ বয়সত বিবাহ বিচ্ছেদ নকৰিলে বাল্য বিবাহ বৈধ বুলি গণ্য কৰা হবঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

যদি কোনো নাবালক বা নাবালিকাই ১৮ বছৰ হোৱাৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছিল তেন্তে তাৰ পিছত কেৱল বিবাহ বিচ্ছেদৰ জৰিয়তেহে স্বামীৰ পৰা পৃথকীকৰণ বিচাৰিব পাৰিব। লুধিয়ানাৰ এখন পাৰিবাৰিক আদালতৰ বাল্য বিবাহক অবৈধ বুলি দিয়া ৰায়ক অগ্ৰাহ্য কৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ…

লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ

বিগত প্ৰায় দুটা বছৰে দেশত চলি আছে তলাবন্ধ আৰু ক’ভিডৰ তাণ্ডৱ। কিন্তু ইয়াৰ মাজতে আহিছে এটা বেয়া খবৰ। লকডাউন স্বত্বেও দেশত প্ৰতিদিনে গড়ে পথ দুৰ্ঘটনাত মৃত্যু হয় ৩২৮ জন লোকৰ। চৰকাৰী তথ্য অনুসৰি ২০২০ চনত পথ দুৰ্ঘটনাত ১২০০০০ লোকৰ মৃত্যু…

যদি কোনো আঞ্চলিক দলে বিজেপিক দুৰ্বল কৰিব বিচাৰে তেন্তে কংগ্ৰেছক সহায় কৰকঃ গৌৰৱ গগৈ

সমাগত বিধানসভা উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে বিজেপি আৰু কংগ্ৰেছকে আদি কৰি ৰাজ্যৰ আটাইবোৰ সক্ৰিয় আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। ইয়াৰ মাজতে আজি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে…

চলচ্চিত্ৰপ্ৰেমী সকলৰ বাবে সুখবৰঃ অক্টোবৰত খুলিব চিনেমা হল

ক’ভিড সৃষ্ট ভয়ানক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র হল সমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা-চর্চা কৰিব৷ বর্তমান…

মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ ঢাকা আৰক্ষীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে ঢাকা মেট্ৰ’পলিটান আৰক্ষীয়ে। ঢাকা মেট্ৰ’পলিটান আৰক্ষীৰ চোৰাংচোৱা শাখাই সন্ত্ৰাসবাদী সংগঠন হেফাজত-ই-ইছলামৰ সদস্য ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে। মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত ঢাকাত হিংসাত্মক…

কিয় RCBৰ অধিনায়কত্ব ত্যাগ কৰিব বিচাৰিছে বিৰাট কোহলীয়ে?

টি-২০ ফৰ্মেটত ভাৰতৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু অৰ্থাৎ RCBৰ অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে। RCBৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা এটা টুইট কৰা হৈছে যে বিৰাট কোহলীয়ে IPL ২০২১ ৰ পিছত RCBৰ অধিনায়কত্ব ত্যাগ…