Investigative reporting with dedication.

চোৰাং চিকাৰীয়ে হত্যা কৰা গড়ৰ বহু খৰ্গ জ্বলাই দিয়াৰ যো-জা কৰিছে অসম চৰকাৰে। গঁড়ৰ খৰ্গ দহনৰ বাবে আয়োজন কৰা হৈছে আড়ম্বৰ পূৰ্ণ অনুষ্ঠান। কিন্তু ৰাজ্য চৰকাৰৰ এই কথা সমৰ্থন কৰিব পৰা নাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে এই কাম কোনো প্ৰকৃতিপ্ৰেমীয়ে সমৰ্থন কৰিব নোৱাৰে। খৰ্গ জ্বলাই চোৰাং চিকাৰীৰ হত্যাৰ তথ্য চৰকাৰে লুকুৱাব নোৱাৰে। জ্বলাই দিয়াৰ সলনি চৰকাৰে খৰ্গসমূহ মিউজিয়ামত সংৰক্ষণ কৰিব পাৰিলেহেঁতেন।

