মাহ জুন 2020

‘পবিত্ৰ ৰিস্তা’, ‘MS Dhoni’ৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছে…

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ’লত ৬২ পইচা আৰু ডিজেলৰ ৬৩পইচাকৈ বৃদ্ধি পালে দেশত। উল্লেখ্য যে আন্তৰ্জাতিক বজাৰৰ সৈতে সামঞ্জস্য ৰাখি ২০১৭ চনৰ পৰা প্ৰায়ে সলনি হৈছিল পেট্ৰ’ল-ডিজেলৰ দাম। তাৰ সৈতে তুলনা কৰিলে এইবাৰ সৰ্বাধিক…

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ প্ৰামাণিক তথ্যসহ।কিন্তু ঘনশ্যাম ধানুকা কিমান…

এখন চহৰত একোটা বাসগৃহৰ বেচাদাম ৮৫টকা! অবিশ্বাস্য হ’লেও সত্য।

এটা বাসগৃহৰ দাম ৮৫টকা! অবিশ্বাস্য হোৱাটো সাধাৰণ কথা। কিন্তু সঁচাকৈয়ে এটা ঘৰৰ দাম মাত্ৰ ৮৫টকাত বিক্ৰী কৰিব গৃহৰ মালিকে। কিন্তু ক’ত আছে এই ৮৫টকীয়া ঘৰ? কিয় বিক্ৰী কৰিব কেৱল ৮৫টকাৰ বিনিময়ত এটা ঘৰ? ইটালী, ইটালীৰ সেই বিশেষ বাসগৃহ আপুনি লটাৰীৰ…

গুজৰাটসহ দেশৰ ৫ৰাজ্যৰ পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে দিলে ‘ভয়ানক’ আখ্যা

দেশৰ ৫খন ৰাজ্যত ক’ৰোনা ৰোগীৰ চিকিত্সা আৰু ক’ৰোনাত মৃত্যু হোৱা লোকক দিবলগীয়া মৰ্যাদাৰ ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক আখ্যা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পশ্চিমবংগত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত। উক্ত প্ৰসংগতেই বিচাৰপতিয়ে…

ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি

বাংলাদেশত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে’লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাংলাদেশ চৰকাৰে ৩৩হাজাৰ ১৫৫ জন বিচাৰাধীন বন্দীৰ জামিন…

নেপালে সলনি নকৰে মানচিত্ৰ, ভাৰতৰ নাই প্ৰত্যুত্তৰ!

শেহতীয়াকৈ ভাৰত-নেপালৰ কূটনৈতিক সম্পৰ্কত ব্যাঘাত জন্মিছে লিপুলেখ-কালাপানী-লিম্পিয়াধৰাক লৈ। এইবাৰ নেপালে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁলোকে মানচিত্ৰ সালসলনি নকৰে। নিজৰ সিদ্ধান্তত অটল থাকিব বুলি জনাইছে কাঠমাণ্ডুৱে। বিগত মে’ মাহত এক বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল নেপালে। তাৰ পিছতেই দুয়োখন দেশৰ মাজত কূটনৈতিক…

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি শীঘ্ৰেই দুয়ো দেশৰ সীমান্তৰ…

শ্ৰমিকৰ দৰমহা সন্দৰ্ভত হস্তক্ষেপ নকৰে ছুপ্ৰিম কৰ্টে! স্বস্তিৰ নিশ্বাস নিয়োগকৰ্তাৰ…

দেশজুৰি চলা অৰ্থনৈতিক মন্দাৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ব্যক্তিগত খণ্ডত। ফলত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পৰিছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইক্ষেত্ৰত ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে। এনে সিদ্ধান্তৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলাইছে ব্যক্তিগত খণ্ডৰ কোম্পানী…

আটাইতকৈ কম মূল্যৰ বিলাতী সুৰাবিধ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এজন বিতৰ্কিত ব্যৱসায়ীৰ এক অকথিত কাহিনী

আঠ জুনৰ আমাৰ অসম কাকতত প্ৰকাশ পাইছিল গৌতম শৰ্মাৰ এক প্ৰতিবেদনঃ- “নিঃশব্দে সোণোৱাল চৰকাৰৰ ৪বছৰ পুৰ্তি-দিচপুৰত নিৰৱে গঢ় লৈ উঠিল দুটা পৃথক বৃত্ত”। চাৰিবছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰিওকাষে দুটা পৃথক লবী বা বৃত্ত সৃষ্টি হল…