‘পবিত্ৰ ৰিস্তা’, ‘MS Dhoni’ৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই

Share This Article

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছে অভিনেতাজনৰ মৃতদেহ। ৩৪বছৰীয়া সুশান্ত সিং ৰাজপুতে নিজৰ অভিনয় জীৱন ‘পবিত্ৰ ৰিস্তা’ নামৰ জনপ্ৰিয় ধাৰাবাহিক খনৰ যোগেদি আৰম্ভ কৰিছিল। তাৰপিছতেই বলীউডৰ ‘এম এছ ধোনী’, ‘কাই পো চ্চি’ত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াৰোপৰি কেইবাখনো ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। উল্লেখ্য যে ৯জুনৰ দিনা অভিনেতাগৰাকীৰ মেনেজাৰ দিশা ছালিনেও এটা ১৪ মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল। অৱশ্যে বৰ্তমানলৈকে অভিনেতাগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনেও তদন্ত অব্যাহত ৰাখিছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.