ক’ৰোনা পৰিস্থিতিত ৩৩,১৫৫ জন কাৰাবন্দীক জামিনত মুকলি

Share This Article

বাংলাদেশত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ জে’লত বন্দীসকলৰ মাজতো সংক্ৰমণৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬০হাজাৰ ৩৮৯ টা গোচৰৰ নিষ্পত্তি কৰিছে দেশখনৰ আদালতে। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাংলাদেশ চৰকাৰে ৩৩হাজাৰ ১৫৫ জন বিচাৰাধীন বন্দীৰ জামিন মঞ্জুৰ কৰিছে। ক’ৰোনাৰ পৰিস্থিতিৰ বাবেই ৯মে’ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এখন অধ্যাদেশ জাৰি কৰিছিল। ফলত ভাৰ্ছুৱেল উপস্থিতিৰ দ্বাৰা বিচাৰ প্ৰক্ৰিয়াৰ বাবে সুবিধা হয়। তাৰপিছতেই ছুপ্ৰীম কৰ্টেও এই সন্দৰ্ভত প্ৰশাসনলৈ ব্যৱহাৰিক নিৰ্দেশনা প্ৰকাশ কৰে। তাৰপিছতেই ১১মে’ত আদালতত ভাৰ্ছুৱেল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু জামিন আবেদনকাৰীৰ গোচৰৰ মানদণ্ডৰ ভিত্তিত জামিন প্ৰদান কৰা আৰম্ভ কৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.