গুজৰাটসহ দেশৰ ৫ৰাজ্যৰ পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে দিলে ‘ভয়ানক’ আখ্যা

Share This Article

দেশৰ ৫খন ৰাজ্যত ক’ৰোনা ৰোগীৰ চিকিত্সা আৰু ক’ৰোনাত মৃত্যু হোৱা লোকক দিবলগীয়া মৰ্যাদাৰ ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক আখ্যা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পশ্চিমবংগত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত। উক্ত প্ৰসংগতেই বিচাৰপতিয়ে পশুৰ ক্ষেত্ৰতো অধিক বেয়া আচৰণ কৰিছে বুলি মন্তব্য প্ৰদান কৰে। বহুক্ষেত্ৰত ৰোগীৰ মৃত্যুৰ খবৰ আত্মীয়ই বহু পলমকৈ গম পোৱাৰ লগতে কেতিয়া সত্কাৰ কৰা হয়, সেই বিষয়েও পৰিয়ালে গম নাপায় বুলি মন্তব্য কৰে ন্যায়ালয়ে।
দেশৰ এই ৫খন ৰাজ্যৰ ভিতৰত আছে প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাট, দিল্লী, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ। ছুপ্ৰীম ক’ৰ্টে আটাইকেইখন ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্যসচিবক জবাবদিহি কৰিছে এই সন্দৰ্ভত।
ক’ৰোনা ৰোগীৰ প্ৰতি দ্বেষমূলক তথা অপমানজনক আচৰণৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশ এছ এ বোবডেই নিজাববীয়াকৈ স্থিতি গ্ৰহণ কৰি সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় চৰকাৰকো জাননী জাৰি কৰে আদালতে। নিৰ্দেশ অনুসৰি, চৰকাৰী চিকিত্সালয়ত ৰোগীক চোৱা-চিতা কৰা আৰু মৃতদেহৰ সত্কাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত বিশদভাৱে আদালতক জনাব লাগিব। ১৭ জুলাইত এই গোচৰৰ পুনৰ শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে ইয়াৰ মাজতো শাসক আৰু বিৰোধী দলৰ মাজত বাকযুদ্ধ চলিয়েই আছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.