নেপালে সলনি নকৰে মানচিত্ৰ, ভাৰতৰ নাই প্ৰত্যুত্তৰ!

Share This Article

শেহতীয়াকৈ ভাৰত-নেপালৰ কূটনৈতিক সম্পৰ্কত ব্যাঘাত জন্মিছে লিপুলেখ-কালাপানী-লিম্পিয়াধৰাক লৈ। এইবাৰ নেপালে স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁলোকে মানচিত্ৰ সালসলনি নকৰে। নিজৰ সিদ্ধান্তত অটল থাকিব বুলি জনাইছে কাঠমাণ্ডুৱে।
বিগত মে’ মাহত এক বিতৰ্কিত মানচিত্ৰ প্ৰকাশ কৰিছিল নেপালে। তাৰ পিছতেই দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা আৰম্ভ হয়। এই সময়তেই নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালিয়ে সংবাদমেলত কয়- “ভাৰতে ২ নৱেম্বৰত জম্মু-কাশ্মীৰৰ মানচিত্ৰ সলনি কৰিছিল। তাৰপিছতেই আমি সিদ্ধান্ত লৈছো। এইটো স্থায়ী সিদ্ধান্ত কাৰণ সেই স্থানসমূহ নেপালৰ ভিতৰত পৰে। এই সন্দৰ্ভত কোনো অনিশ্চয়তা নাই। নেপালত কোন কোন অংশ পৰে, তাক লৈ বিস্তৃত আলোচনাৰ প্ৰয়োজন আছে।”
সম্প্ৰতি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লিপুলেখ গিৰিপথৰ পৰা মানস সৰোবৰলৈ যোৱা এটা পথৰ শুভাৰম্ভ কৰিছিল। তাৰপিছতেই প্ৰতিবাদ জনাইছিল কেপি শৰ্মাৰ চৰকাৰে। পৰৱৰ্তী সময়ত সেই বিতৰ্কিত মানচিত্ৰখন প্ৰকাশ কৰে নেপালে। এই কথাত ভাৰতেও আপত্তি জনায়। এনেদৰেই পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ দিশে ধাৱমান হোৱাৰ সময়তেই নেপালৰ বিদেশ সচিব বিভাগে ভাৰতক আলোচনাৰ বাবে আহ্বান জনায়। কিন্তু বিষয়টোত দিল্লীয়ে কোনো প্ৰত্যুত্তৰ দিয়া নাই। ইয়াৰপিছতেই নেপালৰ বিদেশমন্ত্ৰী গৰাকীয়ে কয়- “আমাৰ বিদেশ সচিব বিভাগে আলোচনাৰ বাবে ভাৰতক চিঠি প্ৰদান কৰিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ কোনো উত্তৰ নাই। কূটনৈতিক স্তৰত আলোচনাৰ বাবে দুয়ো দেশৰ দূতাবাসৰ পক্ষৰ পৰা চেষ্টা চলাই থকা হৈছে।” আনহাতে সীমাত চলি থকা অশান্তিসমূহৰ বাবে ভাৰতক প্ৰশ্নও কৰে নেপালে। যদি চীনৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে, নেপালৰ সৈতে কিয় নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে বৈদেশিক মন্ত্ৰী গৰাকীয়ে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.