মাহ মে’ 2020

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল’ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে’ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে…

বানৰ বাতৰিঃ ২৮ মে’

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Management Authority য়ে ২৮ মে’ত অৰ্থাৎ আজি দিয়া তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যত নখন জিলা বানত আক্ৰান্ত হৈছে।মুঠ তিনিশ খন গাঁওৰ ২১৫৭২ হেক্টৰ কৃষিভূমি আক্ৰান্ত হৈছে বানত।

এজনো ক’ৰোনা আক্ৰান্ত নাই নিউজিলেণ্ডৰ চিকিৎসালয়ত !

সম্পূৰ্ণ ক’ৰোনা মুক্ত হ’ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক’ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক’ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড। যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড চৰকাৰে।নিউজিলেণ্ড চৰকাৰৰ এই ঘোষণাৰ পিছতে বিশ্বজুৰি…

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক ৰাষ্ট্ৰদ্ৰোহী কিয় ক’লে বিজেপি বিধায়কে?

বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ দাম্পত্য জীৱনক লৈ দেশে-বিদেশে প্ৰায়ে যোগাত্মক চৰ্চা। কিন্তু এইবাৰ অনুষ্কা শৰ্মাক দেশদ্ৰোহী সজাই এজন বিজেপিৰ বিধায়কে দিলে অদ্ভূত মন্তব্য। এক সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিজেপিৰ বিধায়ক নন্দকিশোৰ গুৰ্জৰে এটি…

ফৰিঙৰ উপদ্ৰৱত কৃষকৰ অভিনৱ পন্থা, পথাৰতে উচ্চ প্ৰাবল্যত বজালে ডাঙৰ ডাঙৰ ডি জে বক্সত গান

ফৰিঙৰ উপদ্ৰৱত উত্তৰপ্ৰদেশত হাৰাশাস্তি হৈছে বহু কৃষকৰ। ৰাজ্যখনৰ প্ৰায় ১০খন জিলাত উপদ্ৰৱ চলাইছে জাক জাক ফৰিঙে। ফৰিঙৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ কৃষকে লৈছে আজৱ পদক্ষেপ। ডাঙৰ ডাঙৰ ডি জে বক্সৰ সহায়ত গান বজাই ফৰিং খেদোওৱাৰ চেষ্টা কৰিছে কৃষকসকলে। এটা…

BJPৰ অন্যতম জনপ্ৰিয় নেতা সম্বিত পাত্ৰৰ শৰীৰত ক’ৰোনাৰ উপসৰ্গ

BJPৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক গুৰগাঁৱৰ এখন ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। ক’ৰোনাৰ লক্ষণ দেখা দিয়াৰ পাছতেই ভৰ্তি কৰোৱা হৈছে মুখপাত্ৰজনক। গুৰগাঁৱৰ মেডান্টা চিকিত্সালয়ত বৃহস্পতিবাৰে ভৰ্তি হয় বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ। বিজেপিৰ অন্যতম চিনাকী মুখ তথা সততে ছ’চিয়েল মিডিয়াত সক্ৰিয়…

সাম্প্ৰদায়িক, বিদ্বেষমূলক খবৰ প্ৰচাৰ কৰা মিডিয়াৰ বিৰুদ্ধে ছুপ্ৰীম ক’ৰ্ট

ক’ৰোনা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে একাংশ লোকে ইলেকট্ৰনিক, প্ৰিণ্ট আৰু ছচিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক তথা বিদ্বেষমূলক খবৰ প্ৰকাশ কৰি আহিছে। তাৰ মাজতেই বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিউজ ব্ৰডকাষ্টাৰ্ছ এছচিয়েছনৰ পৰা এইক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ…

ভাৰত -চীনৰ বিবাদৰ মাজত আমেৰিকাই কি কৰিব বিচাৰিছে?

চীনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ ইয়াৰ অংশ হিচাপে লাডাখ সীমান্তলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছে ৷ চীনেও ইতিমধ্যে সীমান্তত ৫ হাজাৰ সেনা নিয়োগ কৰিছে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে ভাৰত…

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬ লোকৰ মৃত্যু হৈছে…

১ মে’ৰ পৰা ৯১লাখ প্ৰবাসীক প্ৰত্যাৱৰ্তন নিজ নিজ ৰাজ্যলৈ

দেশত শ্ৰমিকৰ বাবে স্পেছিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰাৰ পাছত এতিয়ালৈকে প্ৰায় ৯১লাখ প্ৰব্ৰজিত শ্ৰমিকক নিজ নিজ গৃহলৈ ওভতাই নিয়া হৈছে। ছুপ্ৰীম কৰ্টক এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে এজনো শ্ৰমিক ৰৈ নোযোৱাকৈ শেষৰ পৰ্যন্ত এই বিশেষ সেৱাৰ ব্যৱস্থা কৰি যাব বুলি…