ফৰিঙৰ উপদ্ৰৱত কৃষকৰ অভিনৱ পন্থা, পথাৰতে উচ্চ প্ৰাবল্যত বজালে ডাঙৰ ডাঙৰ ডি জে বক্সত গান

Share This Article

ফৰিঙৰ উপদ্ৰৱত উত্তৰপ্ৰদেশত হাৰাশাস্তি হৈছে বহু কৃষকৰ। ৰাজ্যখনৰ প্ৰায় ১০খন জিলাত উপদ্ৰৱ চলাইছে জাক জাক ফৰিঙে। ফৰিঙৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ কৃষকে লৈছে আজৱ পদক্ষেপ। ডাঙৰ ডাঙৰ ডি জে বক্সৰ সহায়ত গান বজাই ফৰিং খেদোওৱাৰ চেষ্টা কৰিছে কৃষকসকলে। এটা ভিডিঅ ক্লিপিং ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাহুল শ্ৰীবাস্তৱ নামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই। খেতিপথাৰত ডি জে বক্স ব্যৱহাৰ কৰি থকাৰ ভিডিঅ টো শ্বেয়াৰ কৰি টুইটত লিখিছে – “কেৱল নাচ-গানৰ বাবেই ডি জে বক্স ব্যৱহাৰ নহয়, বৰঞ্চ ফৰিঙৰ জাকক খেদিবলৈও ব্যৱেহাৰ কৰিব পাৰি। দিন সকলোৰে সলনি হয়। কোনোবাই মুখেৰেও শব্দ উলিয়াব পাৰে, নাইবা থালিও বজাব পাৰে।”


উত্তৰপ্ৰদেশৰ চৰকাৰী মুখপাত্ৰই কয় যে এইক্ষেত্ৰত সতৰ্ক কৰি দিয়া হৈছে সকলোকে। কীটনাশক দ্ৰব্য সাজু ৰাখিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ মাহেবাত প্ৰায় ২৫হেক্টৰ কৃষিভূমিত ফৰিঙৰ জাকে খেতি নষ্ট কৰিছে। সোমবাৰৰ নিশা ৰাজস্থানৰ খেতিপথাৰত দেখা গৈছিল বুলি খবৰ প্ৰকাশ পাইছে। অৱশ্যে মংগলবাৰে ফৰিঙৰ জাকটো তাৰ পৰা আঁতৰি গৈছে বুলি অন্য এক খবৰো প্ৰকাশ পাইছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.