Investigative reporting with dedication.

সম্পূৰ্ণ ক’ৰোনা মুক্ত হ’ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক’ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক’ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড।
যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড চৰকাৰে।নিউজিলেণ্ড চৰকাৰৰ এই ঘোষণাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ কৌতুহল।প্ৰশ্ন হৈছে, কেনেকৈ নিউজিলেণ্ডে ইমান কম সময়ৰ ভিতৰত প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ল ক’ৰোনা।তাৰ অন্তৰালত থকা কেইটামান বিশেষ দিশ এনেধৰণৰ-
১)নিউজিলেণ্ডত প্ৰথম ছয়জন ক’ৰোনা আক্ৰান্ত চিনাক্ত হোৱাৰ পিছতে অৰ্থাৎ ১৪ মাৰ্চত প্ৰধানমন্ত্ৰী জেচিন্দ্ৰা আৰ্ডাৰ্ণাই বৰ্হিঃ দেশৰ পৰা প্ৰৱেশ কৰা ব্যক্তিক চৈধ্য দিনৰ বাধ্যতামূলক isolation ৰ নিৰ্দেশ দিছিল।
২) দেশখনত মুঠ ২৪ জন ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত,অৰ্থাৎ ১৯ মাৰ্চৰ পৰা প্ৰধানমন্ত্ৰীজনে বৰ্হিঃ দেশৰ ব্যক্তি নিউজিলেণ্ডত প্ৰবেশত নিষেধাজ্ঞা আৰোপ কৰিছিল।
৩)দেশখনত মুঠ ১০২ জন ক’ৰোনা আক্ৰান্ত চিনাক্ত হোৱাৰ পিছত,অৰ্থাৎ ২৩ মাৰ্চত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছিল।উল্লেখযোগ্য যে,তেতিয়ালৈকে নিউজিলেণ্ডত এজনো ক’ৰোনা ৰোগীৰ মৃত্যু হোৱা নাছিল।
বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি নিউজিলেণ্ডৰ স্বাস্থ্য বিভাগৰ মহা পৰিচালক আশলে ব্লুমফিৰ্ডে সদৰী কৰে যে,দেশখনৰ কোনো এখন চিকিৎসালয়ত এতিয়া এজনো কৰোনা ৰোগী চিকিৎসাধীন হৈ থকা নাই।লগতে কয় যে,বিগত পাঁচ দিন ধৰি দেশখনত চিনাক্ত হোৱা নাই এজনো ক’ৰোনা আক্ৰান্ত।অৱশ্যে ২১ জন ক’ৰোনা আক্ৰান্ত এতিয়াও স্ব গৃহতে চিকিৎসাধীন হৈ আছে।এতিয়ালৈকে নিউজিলেণ্ডত ১৫০৪ জন ক’ৰোনা আক্ৰান্ত চিনাক্ত হৈছে আৰু মুঠ ২১ জন ৰোগীৰ মৃত্যু হৈছে।




