বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক ৰাষ্ট্ৰদ্ৰোহী কিয় ক’লে বিজেপি বিধায়কে?

Share This Article

বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ দাম্পত্য জীৱনক লৈ দেশে-বিদেশে প্ৰায়ে যোগাত্মক চৰ্চা। কিন্তু এইবাৰ অনুষ্কা শৰ্মাক দেশদ্ৰোহী সজাই এজন বিজেপিৰ বিধায়কে দিলে অদ্ভূত মন্তব্য। এক সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিজেপিৰ বিধায়ক নন্দকিশোৰ গুৰ্জৰে এটি সাক্ষাত্কাৰত কয় এইধৰণে- ” বিৰাট কোহলী দেশভক্ত, দেশৰ হৈ খেলে। তেওঁ তত্কালীন অনুষ্কাক ডিভোৰ্ছ দিব লাগে। কাৰণ অনুষ্কা শৰ্মাৰ কোনো ভূমিকা নাই, নতুবা তেওঁ কোনো বিষয়ত জৰিত নহয়।”
উল্লেখ্য যে কিছুদিন পূৰ্বে অনুষ্কা শৰ্মাই পাতাললোক নামেৰে এটি ৱেবছিৰিজৰ কাম কৰিছিল। আৰু সেই সন্দৰ্ভতে আপত্তি দৰ্শাই এইদৰে মন্তব্য কৰিছে বিজেপিৰ বিধায়কজনে। বিধায়কগৰাকীৰ দাবী- অভিনেত্ৰীগৰাকীয়ে জাতি-ধৰ্ম শেষ কৰি অনৈতিক অভিনয় কৰিছে সেই ৱেবছিৰিজত। যিহেতু তেওঁৰ নিজা অনুমতিতেই অভিনয় কৰিছে, গতিকে ৰাষ্ট্ৰদ্ৰোহ কৰিছে।
উল্লেখ্য যে পাতাললোকৰ ছিৰিজত বালাকৃষ্ণন ভাজপেয়ী নামৰ এটা চৰিত্ৰত অন্যায়ৰ বিৱৰণ দাঙি ধৰি এজন বিজেপি নেতাৰ ছবি তুলি ধৰা হৈছিল বুলি দাবী কৰি অনুষ্কাৰ বিৰুদ্ধে আইনৰ কাষ চপা উচিত বুলি মন্তব্য কৰিছে নন্দকিশোৰ গুৰ্জৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.