১ মে’ৰ পৰা ৯১লাখ প্ৰবাসীক প্ৰত্যাৱৰ্তন নিজ নিজ ৰাজ্যলৈ

Share This Article

দেশত শ্ৰমিকৰ বাবে স্পেছিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰাৰ পাছত এতিয়ালৈকে প্ৰায় ৯১লাখ প্ৰব্ৰজিত শ্ৰমিকক নিজ নিজ গৃহলৈ ওভতাই নিয়া হৈছে। ছুপ্ৰীম কৰ্টক এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। লগতে এজনো শ্ৰমিক ৰৈ নোযোৱাকৈ শেষৰ পৰ্যন্ত এই বিশেষ সেৱাৰ ব্যৱস্থা কৰি যাব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে। উল্লেখ্য যে , প্ৰবাসী শ্ৰমিকসকলৰ আত্মহত্যাৰ প্ৰসংগত মঙলবাৰে ছুপ্ৰীম কৰ্টে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে শ্ৰমিকৰ বাবে গ্ৰহন কৰা ব্যৱস্থা অপৰ্যাপ্ত আৰু দুৰ্বল বুলি প্ৰকাশ কৰে। আনহাতে প্ৰবাসীসকলক তৎকালে সাহায্য প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে । লগতে সেই সাহায্যৰ খতিয়ান শপতনামাযোগে দাখিল কৰিবলৈও নিৰ্দেশ দিছে ছুপ্ৰীম কৰ্টে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.