সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল’ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে’ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে আজি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা কিমান প্ৰবাসী শ্ৰমিক এতিয়াও অপেক্ষাৰত, তাৰ বাবে কি ব্যৱস্থা কৰিছে সেই সন্দৰ্ভত ৰিপোৰ্ট বিচাৰিছে। কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যৰ মাজত শ্ৰমিকৰ ভাড়া বহন কৰা বিষয়ত বিবাদো ঘটিছে। ছুপ্ৰীম কৰ্টে কয়- “যদি কোনো শ্ৰমিকে ঘুৰি অহাৰ পূৰ্বে পঞ্জীকৰণ কৰে, তেন্তে তেওঁলোকক ৭-১০দিনৰ ভিতৰত ঘুৰাই অনাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। এনেকুৱা উদাহৰণো আছে যে এখন ৰাজ্যৰ পৰা ঘুৰি আহোঁতে নিজৰ ৰাজ্যৰ সীমাতেই অসুবিধাৰ সন্মুখীন হয।এই ক্ষেত্ৰত স্পষ্ট নীতিৰ প্ৰয়োজন আছে।”
আনহাতে শ্ৰমিকৰ ভাড়া সন্দৰ্ভত বিচাৰপতিয়ে মন্তব্য কৰে এইবুলি- “আমাৰ দেশত ব্ৰকাৰ (Broker) থাকিবই। কিন্তু শ্ৰমিকৰ ক্ষেত্ৰত ব্ৰকাৰৰ হস্তক্ষেপ কোনোপধ্যেই নামানো। এই ভাড়া দিয়াৰ ক্ষেত্ৰত স্পষ্ট নীতিৰ প্ৰয়োজন আছে।”
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে ৮৫শতাংশ কেন্দ্ৰই আৰু ১৫ শতাংশ ৰাজ্যই বহন কৰাৰ কথা প্ৰকাশ পাইছিল। কিন্তু এতিয়াও স্পষ্টতা নোহোৱাৰ বাবেই ছুপ্ৰীম কৰ্টে এইদৰে ক’বলৈ বাধ্য হৈছে। অৱশ্য এই সন্দৰ্ভত পৰৱৰ্তী শুনানি ৫জুনত হ’ব।
শ্ৰমিকৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বহু সামাজিক সংগঠন, ব্যক্তিয়ে আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত। কিন্তু চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি নহ’বলৈ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰা নাছিল। বাৰ এছচিয়েছনৰ সভাপতি দুষ্যন্ত ডাভেও সমালোচনা কৰিছিল ন্যায়ালয়ক। কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেলেও সমালোচনা কৰিছিল। তাৰপিছতেই জ্যেষ্ঠ অধিবক্তাৰ আবেদনৰ ভিত্তিতেই স্বপ্ৰণোদিতভাৱে ছুপ্ৰীম কৰ্টে গোচৰ তৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.