য়ুহানৰ পৰা আহিছে পুনৰ বেয়া খবৰ

Share This Article

চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈছিল অতিমাৰী ক’ৰোনা৷ ক’ৰোনাৰ সংক্ৰমন ৰোধ হোৱাৰ পাছত যোৱামাহত য়ুহানত উঠাই দিয়া হয় লক্ডাউন৷ কিন্তু লক্ডাউন উঠাই লোৱাৰ এমাহৰ পিছত পুনৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে  য়ুহানত। এটা কমপ্লেক্সৰ ৫জনকৈ ব্যক্তিৰ শৰীৰত নতুনকৈ ধৰা পৰিছে ক’ৰোণা।

প্ৰায় ১০৫ দিনৰ বাবে লক্ডাউন জাৰি ৰাখিছিল য়ুহান প্ৰশাসনে। কিন্তু পৰিস্থিতিৰ নিয়ন্ত্ৰণ হোৱা যেন অনুভৱ কৰি পৰৱৰ্তী সময়ত ক’ৰোণামুক্ত ঘোষণা কৰিলে য়ুহান প্ৰশাসনে। খুলি দিয়া হ’ল উদ্যোগসমূহকে ধৰি বিদ্যালয়-মহাবিদ্যালয়। শ্বপিং মল, চিনেমা হল খুলি দিয়াৰ কথাও চিন্তা চৰ্চা চলি আছিল। কিন্তু শেহতীয়াকৈ এটা কমপ্লেক্সৰে ৫জনকৈ লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত অধিক কঠোৰ হোৱাৰ চিন্তা চৰ্চা কৰিছে প্ৰশাসনে। ১০ মে’ত ৮৯বছৰীয়া এগৰাকী মহিলাৰ শৰীৰত প্ৰথমে সংক্ৰমণ ধৰা পৰিছিল। তাৰ পিছতেই তেওঁ বাস কৰা কমপ্লেক্সৰ নিবাসীসকলক পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ পিছতেই ৫জনৰ শৰীৰত সংক্ৰমিত হোৱা কথাটো নিশ্চিত কৰিছে চিকিৎসকে। অৱশ্যে দুশ্চিন্তাৰ কাৰণ এয়ে যে কোভিড-১৯ পজিটিভ ধৰা পৰা আটাইকেজনৰ শৰীৰত কাহ, জ্বৰ, পানী লগা বা শ্বাস-প্ৰশ্বাসজনিত কষ্টৰ কোনো লক্ষণে দেখা দিয়া নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.