লীজ ট্ৰাছৰ ফোন হেক

Share This Article

লীজ ট্ৰাছৰ ফোন হেক কৰিলে কোনে? হেকাৰৰ নাম শুনিলেই কঁপি উঠিব আপুনি৷ বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা৷ হয়,তেওঁ আন কোনো নহয়,ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক৷ পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ বৈদেশিক মন্ত্ৰী হৈ থকা সময়ত ট্ৰাছৰ ফোন হেক কৰিছিল৷ এই তথ্য প্ৰকাশ কৰিছে ডেইলী মেইল নামৰ সংবাদপত্ৰখনে৷

ট্ৰাছে আন্তৰ্জাতিক নেতৃত্বৰ লগত হোৱা সকলো গোপন চুক্তি আৰু বাৰ্তালাপৰ খবৰ ৰাখিবলৈকে ফোন হেকৰ পদক্ষেপ গ্ৰহণ কৰিছিল৷ তদুপৰি ট্ৰাছে তেওঁৰ ঘনিষ্ঠ বন্ধু কোৱাছী কোৱাৰটেঙৰ লগত কি বাৰ্তা বিনিময় কৰে সেয়া সংগ্ৰহ কৰাটোও আছিল পুটিনৰ লক্ষ্য৷কোৱাছী কোৱাৰটেং পিছলৈ বৃটেইনৰ বিত্ত মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল৷ ট্ৰাছৰ সেই বাৰ্তাবোৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৈদেশিক মন্ত্ৰীৰ লগত ইউক্ৰেইন যুদ্ধ
সম্পৰ্কত হোৱা বাৰ্তালাপো আছিল৷ বৃটিছ চৰকাৰৰ তৰফৰ পৰা কিন্তু কোনটো সূত্ৰই এই সমগ্ৰ তথ্য দিছে সেয়া স্পষ্ট কৰা নাই৷ “ চৰকাৰে এই চাইবাৰ আক্ৰমণৰ সম্ভাৱনাৰ দিশটো লক্ষ্য ৰাখি প্ৰতি দিনেই নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰে৷তেওঁলোকৰ ব্যক্তিগত তথ্য যাতে কোনো কাৰণতে ৰাজহুৱা নহয়,সেই বিষয়টোতো গুৰুত্ব দিয়ে চৰকাৰে”-এনেদৰে মন্তব্য দিয়ে বৃটিছ চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে৷ পুটিনৰ মানুহৰ দ্বাৰা এনেদৰে ট্ৰাছৰ ব্যক্তিগত ম’বাইল হেক হোৱাৰ তথ্য কনজাৰ্ভেটিভ দলে ট্ৰাছৰ হৈ চলোৱা প্ৰচাৰ অভিযানত ধৰা পৰিছিল৷ ‘ডেইলী মেইল’ৰ মতে এনেধৰণৰ বাৰ্তালাপ আন দেশে চোৰাংচোৱাগিৰি কৰি লৈ ‘ব্লেকমেইলিং’ কৰাৰ সম্ভাৱনা থাকে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.