Investigative reporting with dedication.

আজি লাডাখ সীমান্তৰ মলদ’ নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে।
পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব।
জানিব পৰা মতে আজিৰ আলোচনাত পংগঙ চ’ আৰু দ্বীপচাঙ অঞ্চলত সময় সাপেক্ষ ভাবে কিদৰে দুয়ো পক্ষই সেনাবাহিনী আঁতৰাব সেই বিষয়ে বিশদ আলোচনা হোৱাৰ সম্ভাৱনা আছে।
আজিৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব লেহ ৰ ১৪ নং বেটেলিনৰ কমাণ্ডাৰ লে. জে. হাৰিন্দৰ সিঙে। অন্যহাতেদি চীনৰ প্ৰতিনিধি দলক নেতৃত্ব দিব দক্ষিণ জিনজিয়াঙৰ মিলিটেৰী কমাণ্ডাৰ মেজৰ জেনেৰেল লিও লিনে।



