ভাৰতৰ পৰা ঔষধ আমদানিকলৈ উত্তাল পাকিস্তানৰ ৰাজনীতি

Share This Article

পাকিস্তানৰ ইমৰান খান চৰকাৰে ভাৰতৰ পৰা ঔষধ আমদানি কৰাৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনীতি,বিৰোধী দলসমূহে ঔষধ আমদানিৰ ঘটনাত দুৰ্নীতি সংঘটিত হোৱা বুলি তদন্তৰ দাবী কৰিছে।
পাকিস্তানে ভাৰতৰ পৰা জৰুৰী ঔষধ (লাইফ ছেভিং ড্ৰাগচ) আমদানি কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু বিৰোধী পক্ষৰ মতে জৰুৰী ঔষধৰ আলমত সাধাৰণ ঔষধো আমদানি কৰিব বিচৰা হৈছে আৰু বিষয়টোত কেইবা কোটি টকাৰ আৰ্থিক কেলেংকাৰী জড়িত হৈ আছে। কেবিনেটত ভাৰতৰ পৰা আমদানি কৰিবলৈ ওলোৱা ৪২৯বিধ ঔষধৰ তালিকা দাখিল কৰো‍ঁতে বিষয়টো পোহৰলৈ আহে।

প্ৰকাশিত খবৰ অনুসৰি ইমৰান খানে বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু বিৰোধী পক্ষৰ নেতা নৱাজ শ্বৰীফে বিষয়টো সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী ইমৰান খান, স্বাস্থমন্ত্ৰীৰো দায়িত্বত আছে। সেয়ে বিৰোধীৰ দাবী, ইমৰান খানে ঔষধ আমদানিৰ কেলেংকাৰীৰ পৰা গা বচালে নহ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.