ব্ৰিটেইনৰ মুদ্ৰাত সংলগ্ন হ’ব মহাত্মা গান্ধীৰ ফটো

Share This Article

ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এতিয়াৰ পৰা সংলগ্ন হ’ব ব্ৰিটেইনৰ মুদ্ৰাটো।

এই কথা আজি জানিবলৈ দিছে ব্ৰিটেইনৰ কোষাগাৰে।

ইতিমধ্যে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি সুনাকে এই বিষয়টো ৰয়েল মিণ্ট এডভাইজৰী কমিটীৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিছে ।

ব্ৰিটেইন চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত বৰ্তমান বিশ্বব্যাপী চলি থকা ‘black lives matter’ শীৰ্ষক আন্দোলনৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।

বৰ্ণবৈষম্যবাদ আৰু সম্ৰাজ্যবাদ বিৰোধী এই আন্দোলনৰ এক অন্যতম দাবী হৈছে বিশ্বৰ ইতিহাসত কৃষ্ণাংগ, এছিয়ান আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ অৱদানক স্বীকৃতি দিয়া।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.